বিহালী: চৰকাৰী মাটি বেদখল কৰি ঘৰ দুৱাৰ বনাই লোৱাৰ লগতে ক্ৰমান্বয়ে সীমা বহলাই অহা বিষয়টোক লৈ বিহালীৰ চন্দিকা চাৰিআলিত আজি তীব্ৰ উত্তেজনাই বিৰাজ কৰে ।
বন বিভাগৰ ৰাজহুৱা মাটি দখল কৰি ৰাইজৰ ৰোষত পৰিল শ্যাম দাসৰ পৰিয়ালটোৰ ওপৰত ।

গাওঁৰ ৰ‍াইজ ওলাই আহি চৰক‍াৰী মাটিত অবৈধ ভাৱে নিৰ্মাণ কৰি থকা বাসগৃহ বনোৱা কাৰ্যত বাধা প্ৰদান কৰে । অৱশেষত বিহালী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰা লগতে ৰাইজৰ অভিযোগ মৰ্মে শ্যাম দাসক আৰক্ষীয়ে নিজৰ জিম্মাত লয় ।

আৰু পঢ়কঃ বগৰীবাৰীত আৰক্ষীয়ে আটক কৰে পাঁচটা গৰু-ম’হৰ চোৰাং ব্যৱসায়ী

শ্যাম দাসৰ পৰিয়ালে বন বিভাগৰ মাটি দখল কৰি থকা বুলি নিজেই ৰাইজৰ আগত মন্তব্য প্ৰকাশ কৰে । প্ৰয়োজন হলে বনবিভাগক ওভোটাই দিব বুলি কয় ।

ইয়াৰ বিপৰীতে স্থানীয় ৰাইজৰ অভিযোগ অঞ্চলটোৰ বন বিভাগৰ ভূমি ক্ৰমান্বয়ে দখল কৰি ঘৰ দুৱাৰ বনাই অহাৰ ফলত স্থানীয় ৰাইজে ৰাজহুৱা অনুষ্ঠানৰ বাবে ব্যবহাৰ কৰি অহা মাটি খিনিও দখল কৰি লয় ।

প্ৰশাসনে বিষয়টোৰ ওপৰত ব্যবস্থা গ্ৰহন কৰিবলৈ ৰাইজে দাবী কৰে ।

আৰু পঢ়কঃ সাংবাদিক সকলৰ সংগ্ৰামী মঞ্চ ‘আপকু’ৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী বাতিল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply