নিউজ ডেস্ক : বিৰোধীৰ বিক্ষোভৰ মাজতে আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতে দুয়োটা সদনতে গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰৰ বিধেয়ক।

উল্লেখযোগ্য যে তিনিখন বিজেপি চৰকাৰে অনা তিনিখন বিতৰ্কিত কৃষি আইনক লৈ আলোচনাৰ দাবীত বিৰোধীয়ে লোকসভাত বিক্ষোভ প্ৰদৰ্শন কৰি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল।

কিন্তু বিৰোধীক আলোচনাৰ বাবে কোনো সুযোগ নিদি চৰকাৰে মাত্ৰ চাৰি মিনিটতে কৃষি আইন প্ৰত্যাহাৰ বিধেয়কখন গৃহীত কৰে।

দিনৰ ১২.০৬ বজাত বিধেয়কখন লোকসভাত উত্থাপন কৰা হৈছিল আৰু ১২.১০ বজাত ধ্বনিভোটত বিধেয়কখন গৃহীত কৰা হয়।

বিৰোধীয়ে বিধেয়কখন গৃহীত কৰাৰ পূৰ্বে আন যিকোনো বিধেয়কৰ দৰে উক্ত বিধেয়কখনৰ ক্ষেত্ৰত আলোচনাৰ দাবী তুলিছিল যদিও অধিৱেশনৰ আৰম্ভণিতে চৰকাৰৰ ফালৰ পৰা কৃষি আইন প্ৰত্যাহাৰ বিধেয়কক লৈ কোনো আলোচনা কৰিব বিচৰা নাই স্পষ্ট কৰি দিছিল।

তেওঁৰ চৰকাৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছে বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘চৰকাৰ বা চৰকাৰৰ নীতিসমূহৰ বিৰুদ্ধে মাতক, কিন্তু সংসদ আৰু অধ্যক্ষৰ চকীখনৰ গৰিমা বৰ্তাই ৰখা উচিত।’

লোকসভাৰ পিছত ৰাজ্যসভাত কিছু সময়ৰ বাবে আলোচনা কৰাৰ পিছতে বিধেয়কখন গৃহীত কৰা হয়। ৰাজ্যসভাৰ কংগ্ৰেছৰ সাংসদ মল্লিকাৰ্জুন খাৰ্গেয়ে সকলো দলে বিধেয়কখনৰ একমত প্ৰকাশ কৰিছে বুলি কয়।

লগতে পঢ়ক : চৰকাৰক ‘কা’ বাতিলৰ দাবী এন ডি এৰ মিত্ৰদল এন পি পিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply