মানকাচৰ : গাঁও পঞ্চায়তৰ চৰকাৰী আঁচনিৰ ধন আত্মসাত কৰাৰ অভিযোগ। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ বৰাইৰ আলগা গাঁও পঞ্চায়তৰ চৰকাৰী আঁচনিৰ ধন আত্মসাত কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়ত সভাপতি, তদানীন্তন সচিব, খণ্ড উন্নয়ন বিষয়া, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ট অভিযন্তা আৰু এগৰাকী প্ৰধান শিক্ষকসহ ৫ জনৰ বিৰুদ্ধে সুখচৰ থানাত এজাহাৰ দাখিল। সুখচৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগে লগে পলাতক পঞ্চায়ত সচিব।
মুখ্যমন্ত্ৰী ড০ হিমান্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলা দুৰ্নীতিমুক্ত কৰাৰ হুংকাৰ প্ৰদান কৰি আহিছে যদিও দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এতিয়াও একাংশ পঞ্চায়ত প্ৰতিনিধি, চৰকাৰী বিষয়াই মুখ্যমন্ত্ৰীৰ হুংকাৰক বুঢ়া আঙুল দেখুৱাই দুৰ্নীতিত লিপ্ত হৈ চৰকাৰী আঁচনিৰ লাখ লাখ টকা আত্মসাত কৰি পাহাৰ সমান সম্পত্তি গঢ়াৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ বৰাইৰ আলগা গাঁও পঞ্চায়তত পঞ্চায়ত সভাপতি মোঃ ছয়ফৰ আলী বিভিন্ন চৰকাৰী বিষয়াক মেনেজ কৰি লাখ লাখ টকাৰ চৰকাৰী আঁচনিৰ ধন আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
ইতমিধ্যে পঞ্চায়তখনৰ সেখ মহিবুদ্দিন হাবিবুল্ল্যা নামৰ এজন সচেতন ব্যক্তিয়ে পঞ্চায়তখনত কেইবাটাও চৰকাৰী আঁচনিৰ নামত ভয়াবহ দুৰ্নীতি কৰি চৰকাৰী ধন আত্মসাত কৰাৰ অভিযোগত জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষী অধীক্ষক গৰাকীয়ে তদন্তৰ বাবে সুখচৰ থানাত নিৰ্দেশ দিয়াত সুখচৰ আৰক্ষীয়ে ১৮৬/২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰি পঞ্চায়তখনৰ দুৰ্নীতিৰ তদন্ত আৰম্ভ কৰিছে।
গাঁও পঞ্চায়তখনৰ ২১২৭ নং খাগৰাৰচৰ এল পি স্কুলৰ ওচৰত ২০১৯-২০ বৰ্ষত চতুৰদশ বিত্তী আঁচনিৰ জৰিয়তে এখন কমিউনিটি গৃহ নিৰ্মাণৰ নামত চৰকাৰে ১০ লাখ টকা আৱণ্টন দিয়ে। পঞ্চায়ত সভাপতি ছয়ফৰ আলীয়ে ২১২৭ নং এল পি স্কুলৰ পুৰণি গৃহৰ সামগ্ৰী প্ৰধান শিক্ষক আবু ছায়েদ সেখৰ পৰা ক্ৰয় কৰি কমিউনিটি গৃহখন পুৰণি সামগ্ৰীৰে নিৰ্মাণ কৰি বৃহৎ ধন আত্মসাত কৰাৰ অভিযোগ এজাহাৰাখনত উল্লেখ কৰা হৈছে।
আনকি একেটা বিত্তীয় বৰ্ষত ১৪ ফাইনেন্স আঁচনিৰ অধীনত পঞ্চায়তখনত ছোলাৰ লাইট সংস্থাপনৰ বাবে মুঠ ২,১৫,৬২৪ টকা চৰকাৰে মোকলাই দিছে। কিন্তু পঞ্চায়তখনত কোনো এখন স্থানতো এটাও ছোলাৰ লাইট সংস্থাপন কৰা হোৱা নাই বুলি এজাহাৰখনত উল্লেখ কৰা হৈছে। আনহাতে বৰাইৰ আলগা গাঁও পঞ্চায়তৰ কাৰ্যালয়, শিশুমাৰা ইদগাহ ফিল্ড, বৰাইৰ আলগা এম ই মাদ্ৰাছাৰ বাউণ্ডাৰী ওৱাল, কোকৰাডাঙা পাৰঘাট জিৰণি চৰা নিৰ্মাণৰ নামতো পঞ্চায়ত সভাপতি ছয়ফৰ আলীয়ে ব্যপক দুৰ্নীতি কৰি বৰাইৰ আলগা গাঁও পঞ্চায়তৰ কাম কানাইমাৰা আৰু ফুলেৰচৰ গাঁও পঞ্চায়ততহে কৰা হৈছে বুলি এজাহাৰখনত উল্লেখ কৰা হৈছে।
এই সমগ্ৰ দুৰ্নীতিৰ লগত ফেকামাৰী খণ্ড উন্নয়ন বিষয়া, কনিষ্ট অভিযন্তা বিনয় দাস, পঞ্চায়ত সচিব ৰাহুল দেৱ ৰয় আৰু প্ৰধান শিক্ষক আবু ছায়েদ সেখ সহ মুঠ ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তীত সোমবাৰে সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাস পঞ্চায়তখনৰ কাৰ্যালয়ত উপস্থিত হৈ কেইবাটাও কামৰ বুজ লয়। ঘটনাক লৈ সুখচৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Open SearchPosted inঅসম
শাৰদীয় দুর্গোৎসৱ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসীলৈ শুভেচ্ছা
স্বাস্থ্য বিভাগৰ ক’ভিড সম্পর্কীয় নীতি-নির্দেশনা অনুসৰণ কৰি সুৰক্ষিত দুর্গোৎসৱ উদযাপনৰ বাবে ৰাজ্যবাসীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আহ্বান।by Sharfaraz KhanOctober 11, 2021
গুৱাহাটী : শাৰদীয় দুর্গোৎসব উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলাে শ্ৰেণীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এক শুভেচ্ছাবাণীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে বিশ্বৰ ভিতৰতে প্রাচীন ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূল উপাদান হ’ল আধ্যাত্মিক জীৱন দর্শন। অতীজৰে পৰা ভাৰতীয় সমাজ জীৱন শক্তিশালী আধ্যাত্মিক ধ্যান-ধাৰণাৰে পৰিচালিত হৈ মূল্যবােধ তথা মানবতাবােধৰ আধাৰত প্রতিষ্ঠিত এখন প্রগতিশীল সমাজ হিচাপে পৰিচিত হৈ আহিছে।
মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ আধ্যাত্মিক জীবন পৰিক্ৰমাত উৎসব-পার্বণসমূহে সদায়ে ইতিবাচক অৰিহণা যােগাই আহিছে। শৰৎ কাল অতি বিতােপন। এই শৰৎ কালত অনুষ্ঠিত হােৱা শাৰদীয় দুর্গোৎসৱ কেৱল মাত্র এক ধর্মীয় উৎসৱেই নহয়, ই হ’ল প্রেম, ভাতৃত্ববােধ তথা অন্যান্য মানৱীয় অনুভূতিৰে সমৃদ্ধ এক মহামিলনৰ উৎসৱ। এই উৎসৱ হ’ল অপশক্তি নাশেৰে সত্যক প্রতিষ্ঠা কৰা এক যুগজয়ী উৎসৱ। প্ৰকৃতিৰ এই উৎসৱমুখৰ তথা বিনন্দীয়া পৰিৱেশে সমাজত শান্তি- সম্প্রীতি গঢ়াৰ পথা সুদৃঢ় কৰে।
মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে যে শাৰদীয় দুর্গোৎসৱে আমাৰ মাজত বৰ্তি থকা শান্তি, সম্প্রীতি, প্রেম তথা ভাতৃত্ববােধৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ দিশত সকলােকে ঐক্যবদ্ধভাবে কাম কৰাৰ বাবে অনুপ্রাণিত কৰিব। আনহাতে, মুখ্যমন্ত্ৰীয়ে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে জাৰি কৰানীতি-নির্দেশনা অনুসৰণ কৰি শৃংখলাবদ্ধভাৱে শাৰদীয় দুর্যোগৎসৱ উদ্যাপনৰ বাবে অসমবাসীক আহ্বান জনাইছে।
লগতে পঢ়ক : এআইইউডিএফৰ জিলা পৰিষদৰ সদস্যৰ বিজেপিত যোগদান
ইফালে সুখচৰ আৰক্ষী এই তদন্তৰ সময়ত পঞ্চায়ত সভাপতি ছয়ফৰ আলীক ঘটনাস্থলীত আহিবলৈ ফোনযোগে অৱগত কৰে যদিও ৰহস্যজনকভাৱে পঞ্চায়ত সভাপতিজন পঞ্চায়ত কাৰ্যালয়ত উপস্থিত নহয়। পঞ্চায়ত সভাপতিজন এই গোচৰৰ পিছতে পলায়ন কৰা বুলি এজাহাৰকাৰী সেখ মহিবুদ্দিন হাবিবুল্ল্যা অভিযোগ কৰিছে। পঞ্চায়ত সভাপতিজনে ভাৰত-বাংলাদেশ সীমান্তৰ বৰাইৰ আলগা গাঁও পঞ্চায়তখন এখন চৰৰ মাজত হোৱাৰ সুযোগ লৈ বিভিন্ন আঁচনিৰ নামত অহা লাখ লাখ টকা আত্মসাত কৰি গোৱালপাৰা জিলাত এখন বিশাল অট্টালিকা সাজিছে বুলি পঞ্চায় খনৰ একাংশ লোক অভিযোগ তুলি তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাইছে।