নিউজ ডেস্কঃ অসম চৰকাৰে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ২৪ ৰ পৰা ২৬ তাৰিখলৈকে কাজিৰঙাৰ বিলাসী হোটেল বৰগছত অনুষ্ঠিত কৰিছিল চিন্তন শিবিৰ। এই চিন্তন শিবিৰত মূল আকৰ্ষণ হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল সদগুৰু আৰু ৰবি শংকৰক।

যিসময়ত ৰাজ্য চৰকাৰে ৰাজকোষৰ ধন টনকিয়াল কৰিবলৈ এটা পিছত আন এটা কৰৰ বোজা জনসাধাৰণৰ মাজত জাপি দি মাধমাৰ মাৰিছে, সেইসময়তে আকৌ বৃহৎ পৰিমাণৰ ধন অপচয় কৰি কিছুমান অনুষ্ঠান পাতি আহিছে চৰকাৰ খনে। তেনে বৃহৎ পৰিমাণৰ ধন অপচয় কৰা চিন্তন শিবিৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল যোৱা বছৰতো। ছাত্ৰ মুক্তি সংগ্রাম সমিতি অসমৰ সভাপতি দেৱব্ৰত শ‍ইকীয়াই এক RTI ৰ জৰিয়তে জানিবলৈ পাইছে যে, শাসনাধিষ্ঠ চৰকাৰখনে চিন্তন শিবিৰৰ নামত মুঠ ১ কোটি ৮৫ লাখ ৭২ হেজাৰ ৮৩৪ টকা ব্যয় কৰিলে।

ইয়াৰোপৰি, ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ নেতাজনে অতিথি সদগুৰু, ৰবি শংকৰৰ লগতে অন্যান্য অতিসকলৰ থকা-খোৱা, গুৱাহাটীৰ হোটেলৰ খৰচৰ তথ্য সম্পূৰ্ণকৈ দিবলৈও আৰটিআইৰ আবেদনখনৰ জৰিয়তে বিচাৰিছিল। কিন্তু গোলাঘাট উপায়ুক্ত কাৰ্যালয়ে সম্পূৰ্ণ তথ্য উপলব্ধ নহয় বুলি উত্তৰত কয়।

গোলাঘাট উপায়ুক্ত কাৰ্যালয়ে প্ৰেৰণ কৰা আৰটিআই উত্তৰত এইয়া স্পষ্ট কৰিছে যে, সৰ্বমুঠ ব্যয় এই কাৰ্যলয়ত উপলব্ধ নহয়। অৰ্থাৎ চিন্তন শিবিৰৰ নামত চৰকাৰে ইয়াতকৈ অধিক ধন ব্যয় কৰিছে চৰকাৰে।

ছাত্ৰ নেতাজনে সংবাদ মাধ্যমৰ জৰিয়তে কয় যে, চৰকাৰে সততে ব্যয় সংকোচনৰ কথা কৈ থাকে। বিধান সভাৰ অধ্যক্ষইতো ৰাইজক বিদ্যুতৰ বিল কমাবৰ বাবে ফেন অফ কৰি গছৰ তলত জিৰণি লোৱাৰ পৰামৰ্শ দিয়ে। শাসক দল বিজেপিৰ ৰাজ্যিক সভাপতিজনে মূল্য বৃদ্ধি ৰোধ কৰিবলৈ মানুহক কমকৈ আহাৰ গ্ৰহণ কৰিবলৈ কৈছে। এতিয়া চাওঁক আমাৰ চকাৰৰ মন্ত্ৰী আমোলাই ৰাইজৰ পইচাৰ কেনেদৰে ভোগ কৰিছে।

লগতে কয়, এয়া চিন্তন শিবিৰৰ খৰচৰ এটা অংশ হে। বাকী ৰাজ্যৰ বাহিৰৰ পৰা অহা অতিথি সকলৰ থকা – খোৱা, গুৱাহাটীৰ হোটেলৰ খৰচ ইয়াত অন্তৰ্ভুক্ত হোৱা নাই। এয়াই সততে জনতাৰ কথা কোৱা চৰকাৰৰ স্বৰূপ।

লগতে পঢ়ক – কয়লা আৰু লিগনাইটৰ অন্বেষণ আঁচনিৰ অব্যাহত ৰখাৰ বাবে কেবিনেটেৰ অনুমোদন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply