কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহক ব্লেক ফাংগাছ বা মিউক’ৰ্মাইকোচিচক মহামাৰী ব্যাধি আইন, ১৮৯৭ (Epidemic Diseases Act, 1897)-ৰ অধীনত এটা মহামাৰী হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছে।
মন্ত্ৰ্যালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা এখন পত্ৰত কয় যে সম্প্ৰতি মিউক’ৰ্মাইকোচিচ নামৰ এবিধ নতুন ব্যাধিয়ে আমাৰ আগত এক প্ৰত্যাহ্বান হিচাপে থিয় দিছে আৰু ইয়াৰ দ্বাৰা বহু কেইখন ৰাজ্যৰ ক’ভিড ৰোগী আক্ৰান্ত হৈছে।
পত্ৰখনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব লৱ আগৰাৱালাই কয়, ‘উক্ত ভেঁকুৰৰ সংক্ৰমণে (fungal infection) ক’ভিড ৰোগীসকলৰ ৰুগ্নতা বৃদ্ধি কৰাৰ লগতে মৃত্যুৰ হাৰ বঢ়াই তুলিছে।’
লগতে পঢ়ক : কি হয় ব্লেক ফাংগাছ? জানক লক্ষণ আৰু প্ৰতিকাৰৰ উপায়
তেওঁ কয় যে এতিয়াৰ পৰা সকলো চৰকাৰী আৰু ব্যক্তিগত স্বাস্থ্যখণ্ডই কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR)-এ আগবঢ়োৱা ব্লেক ফাংগাছৰ চিকিৎসা পদ্ধতিৰ নিৰ্দেশনাসমূহ মানি চলিব লাগিব।
ইয়াৰ উপৰি ব্লেক ফাংগাছ সংক্ৰমণৰ সন্দেহযুক্ত আৰু নিশ্চিত কেচসমূহৰ তথ্যসমূহ জিলা পৰ্য্যায়ৰ মুখ্য চিকিৎসা বিষয়া আৰু Integrated Disease Surveillance Programme (IDSP)-ৰ জৰিয়তে স্বাস্থ্য বিভাগলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক বুলি পত্ৰখনত কোৱা হয়।