গুৱাহাটীঃ অসম বিধানসভাত কংগ্ৰেছৰ আব্দুল বাতিন খণ্ডকাৰে আজি বিধানসভাত সোধা এটা প্ৰশ্নৰ উত্তৰত অসমত থকা ৰাজহুৱা খণ্ডৰ ৪১টা প্ৰতিষ্ঠানৰ ভিতৰত ১৭টা বন্ধ হৈ থকা বুলি উদ্যোগ মন্ত্ৰী বিমল বৰাই উল্লেখ কৰিছিল৷ ইয়াৰ পিছতেই ব্যংগাত্মকভাৱে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে বাকী থকা উদ্যোগ বা প্ৰতিষ্ঠানকেইটা কেতিয়াকৈ বন্ধ কৰিব বুলি ব্যংগাত্মকভাৱে চৰকাৰলৈ প্ৰশ্ন কৰাত ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰাইজে উদ্যোগ স্থাপন কৰিবলৈ চৰকাৰক জনাদেশ দিয়া নাই৷ চৰকাৰে ব্যক্তিগত খণ্ডক উদ্যোগ স্থাপন কৰাৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে৷

ৰাজ্যত নতুনকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু প্ৰতিষ্ঠান স্থাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ উদ্যোগ চলোৱা চৰকাৰৰ কাম নহয়৷ যাৰ বাবে  চৰকাৰে নতুনকৈ উদ্যোগ স্থাপন কৰাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে নতুনকৈ মেডিকেল কলেজ বা অভাৰব্ৰীজহে স্থাপন কৰিব৷

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আই এ এছ বিষয়াসকলো উদ্যোগ চলাব পৰাকৈ  ব্যাৱসায়িকভাৱে দক্ষ নহয়৷ অসম চৰকাৰে অংশীদাৰ হৈ ব্যক্তিগত প্ৰতিষ্ঠানৰ লগত সৌৰ শক্তি স্থাপন কৰাৰ প্ৰকল্প হাতত লৈছে৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা ১৯ তাৰিখে এখন বুজাবুজিৰ চুক্তি হ’ব, য’ত এক হাজাৰ কোটি টকাৰ শক্তি উৎপাদন প্ৰকল্প স্থাপন হ’ব৷ ব্যক্তিগত খণ্ডৰ লগত বিনিয়োগেৰে বিভিন্ন প্ৰকল্প স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰে যি প্ৰচেষ্টা চলাই আছে, তাৰ ফল এদিন এক লাখ নিবনুৱাক চাকৰি দিয়াৰ দৰে হ’বগৈ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply