নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ৫০ সংখ্যক কেবিনেট বৈঠক আজি তেজপুৰত অনুষ্ঠিত হয়। বৰ্তমানলৈ অসম চৰকাৰৰ কেবিনেট বৈঠকত প্ৰায় ৬০০ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেজপুৰ সন্মিলন কেন্দ্ৰত অনুষ্ঠিত এই বৈঠকৰ পাছত তেজপুৰৰ বাবে বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণাও কৰা হয়।

কেবিনেট বৈঠকৰ পাছত সংবাদমেল সম্বোধন কৰি কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৬০০টা সিদ্ধান্তৰ ভিতৰত কাৰ্যকৰী হোৱা সিদ্ধান্ত সমূহৰ বিষয়ে অসমৰ ৰাইজক অৱগত কৰিবলৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত গঠন কৰা হয় এখন কমিটী। আৰু এই কমিটীখনে পৰৱৰ্তী কেবিনেটত অৱগত কৰিব এই সন্দৰ্ভত।

উল্লেখ্য যে, জুলাইত শিলচৰত আৰু আগষ্টত কোকৰাঝাৰত পৰৱৰ্তী কেবিনেট বৈঠক কেইখন অনুষ্ঠিত কৰা হ’ব।

আজিৰ এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ ক্ৰমে-

  • গৰুখুঁটী বহুমুখী কৃষি প্ৰকল্পৰ নামত এখন নতুন সমিতি গঠন হ’ব আৰু এই সমিতিৰ তত্বাৱধানতেই পৰিচালিত হ’ব গৰুখঁটী কৃষি প্ৰকল্প। তদুপৰি এজন ACS বিষয়াৰ নেতৃত্বত গঠন হ’ব এই নতুন সমিতিখন।
  • তদুপৰি, দিছপুৰত আবদ্ধ হৈ থকা ১০৩৭ টা মাটিৰ আবণ্টনৰ প্ৰস্তাৱত অনুমোদন প্ৰদান কৰা হৈছে। ১৯৯২ চনৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা মাটিৰ আৱণ্টনক লৈ ১০৩৭ টা প্ৰস্তাৱ দিছপুৰতে আৱদ্ধ হৈ আছিল। কিন্তু আজি কেবিনেটে এই আটাইবোৰ প্ৰস্তাৱত অনুমোদন প্ৰদান কৰে।
  • অসমৰ শক্তি বিভাগলৈ বৈদ্যুতিক মিটাৰ-ট্ৰান্সফৰ্মাৰ আদি যোগানৰ বাবে কেবিনেটে অনুমোদন দিছে ৮,৭২৭ কোটি টকা। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ইয়াৰ বাবে প্ৰদান কৰিব পুঁজি।
  • কেবিনেট বৈঠকত অমৃত সৰোবৰ নিৰ্মাণৰ ৩৫০ কোটি টকা অনুমোদন। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়নৰ যোঁজনাৰ পৰা অনুমোদন দিয়া হৈছে এই ধন।
  • পৌৰ নিগম আৰু নিকায়ৰ মুখ্য কাৰ্যবাহী, অভিযন্তা, গাণনিক বিষয়া আদিক চৰকাৰে নিযুক্তি দিব। এইসকল বিষয়াৰ বদলিকৰণৰো ব্যৱস্থা থাকিব আৰু চৰকাৰে তেওঁলোকক দৰমহা দিব।
  • সৌৰশক্তি আহৰণৰ বাবে অসমত ১০০০ মেগাৱাট সম্পন্ন নতুন সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পৰ প্ৰায় ৫০০০ কোটি টকা বিনিয়োগ কৰা হ’ব।
  • গুৱাহাটীত ৫০০০ হাজাৰ মানুহ বহিব পৰাকৈ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ১৮৫ কোটি টকাৰ অনুমোদন প্ৰদান।
  • লখিমপুৰ আৰু ঢকুৱাখনাক সংযোগ কৰিবলৈ ঘূণাসুঁতিৰ ওপৰত দলং নিৰ্মাণৰ প্ৰস্তাৱ বৈঠকত। এই দলংখনৰ নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছে ৩৮৩ কোটি টকাৰ। তদুপৰি দলং নিৰ্মাণৰ ফলত লখিমপুৰ-ধেমাজি আৰু মাজুলীৰ দূৰত্ব হ্ৰাস পাব।
  • তদুপৰি বাক্সা জিলাৰ তামুলপুৰ আৰু বৰমাকো দলঙেৰে সংযোগৰ সিদ্ধান্ত গ্ৰহণ। এই দলংখনৰ বাবে ২৪৭ কোটি টকাৰ অনুমোদন প্ৰদান।
  • বটদ্ৰৱা থান উন্নয়ন প্ৰকল্পৰ বাবে দ্বিতীয় পৰ্যায়ৰ ধন মুকলি কৰাৰো সিদ্ধান্ত গ্ৰহণ। আনহাতে, লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তী উপলক্ষে ১৫০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত।

তেজপুৰত আজি অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকত তেজপুৰক লৈও বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই সিদ্ধান্তসমূহ ক্ৰমে-

  • তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰ কৰা হ’ব স্থানান্তৰ। এই কেন্দ্ৰীয় কাৰাগাৰ চাৰিদুৱাৰলৈ স্থানান্তৰ কৰা হ’ব। কাৰাগাৰ যি স্থানত বৰ্তমান আছে, সেই স্থানত জ্যোতি-বিষ্ণু-ফণী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে কেবিনেটে সিদ্ধান্ত লৈছে।
  • তেজপুৰৰ মিছন চাৰিআলি উৰণীয়া সেতুৰ ক্ষেত্ৰত কিছু সংশোধন কৰা হৈছে। পূৰ্বতকৈ দীঘল হ’ব এই উৰণীয়া সেতুখন। এই উৰণীয়া সেতুৰ দৈৰ্ঘ্য বৃদ্ধি পোৱাৰ ফলত নিৰ্মাণ ব্যয় বৃদ্ধি হোৱাৰ বাবে ৫০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।
  • ইফালে, মৰাভৰলুৰ পুনৰ খননৰ বাবে অনুমোদন দিয়া হৈছে ১৫ কোটি টকা।
  • ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ আধুনিকীকৰণৰ বাবে অনুমোদন ৪ কোটি টকা।
  • তেজপুৰৰ লিচু ৰপ্তানি কৰা হ’ব লণ্ডনলৈ। বৰ্তমান লিচু যোগান ধৰা অগ্নিগড় এফপিচিৰ বাবে Processing Plant নিৰ্মাণ কৰিবলৈ কেবিনেটে দিব অনুমোদন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply