বৰপথাৰ : এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত মৃত্যু ককা আৰু নাতিৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে বৰপথাৰত। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ।
বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰপথাৰ চাহ বাগিচাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এটি বাসগৃহত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ককা আৰু নাতি অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে।
অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে বিনামু পানীকা নামৰ বৃদ্ধ গৰাকীৰ লগতে দীপ পানীকা নামৰ বৃদ্ধ গৰাকীৰ নাতি। অগ্নিকাণ্ডৰ পিছত ৰাইজৰ জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও জুই নিৰ্বাপন কৰিবলৈ সক্ষম নহয়।
লগতে পঢ়ক : কাব্যঋষি নীলমণি ফুকনে ভাষাতো জীয়াই ৰখাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীক
ইফালে অগ্নি নিৰ্বাপক বাহিনী গাড়ী ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাত ৰাইজ উত্তেজিত হৈ এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।