তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত কথা আদৰ্শ গাঁৱত আজি পুৱা প্ৰায় ৪ মান বজাত সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা ।
এই বিস্ফোৰণত নিহত হয় এটি কিশোৰ ।
জাগুনৰ কথা কাঠনিত সংঘটিত হয় এই ঘটনা ।
নিহত কিশোৰটি জাগুণ হাজং গাঁৱৰ ১২ বছৰীয়া সুৰজ হাজং ।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
ক’ৰ পৰা সেই স্থানলৈ সক্ৰিয় গ্ৰেনেডটো আহিল সেই সম্পৰ্কে এতিয়াও আৰক্ষীয়ে একো তথ্য প্ৰকাশ কৰা নাই ।
আৰু পঢ়ক http://অসমত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰাৰ দিশত মাৰাত্মক ক’ভিড
ওচৰ চুবুৰীয়াই বিস্ফোৰণৰ শব্দ শুনি কিশোৰটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াৰ লগতে কিশোৰ জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।আহত কিশোৰ জন মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত মৃত্যু হয় ।
ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ আৰক্ষী উপ মহাপৰিদৰ্শক জিতমল দলে কয়, “প্ৰাথমিক অনুসন্ধান অনুসৰি, ল’ৰাটো বিদ্যালয়ৰ ফালে গৈ আছিল আৰু পৰিত্যক্ত অৱস্থাত গ্ৰেনেডটো পাইছিল। তেওঁ গ্ৰেনেডটো হাতেৰে উঠোৱাৰ সময়ত বিস্ফোৰণটো সংঘটিত হৈছিল।”
বৰ্তমান উক্ত এলেকাত এক আতংকময় পৰিবেশে বিৰাজ কৰিছে।। উল্লেখযোগ্য যে উক্ত স্থানত ২ বছৰ মান পূৰ্বে সেনা আৰু আলফাৰ মাজত দুইবাৰ কৈ তুমূল সংঘৰ্ষ সংঘটিত হৈছিল।