নিউজ ডেস্ক : অৰুণাচল প্ৰদেশত বসবাস কৰা অসমৰ লোক সকলক স্থায়ী নাগৰিক প্ৰমাণপত্ৰ (পি আৰ চি) প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক আলফা স্বাধীনে আহ্বান জনাইছে।
শনিবাৰে এখন পত্ৰ যোগে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী গৰাকীক এই আহ্বান জনায়।
অৰুণাচল প্ৰদেশে ৰাজ্যখনত থকা অসমীয়াভাষী সম্প্ৰদায়ৰ প্ৰতি সদায় সদভাৱ দেখুৱাই অহা বুলি উল্লেখ কৰি পত্ৰখনত পৰেশ বৰুৱাই কয় যে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তাত বাস কৰি অহা অসমীয়াভাষীসকল শেহতীয়াভাৱে তাৰ পৰা বিতাৰিত হোৱাৰ আশংকাত ভুগিছে।
উল্লখযোগ্য যে দীৰ্ঘদীন ধৰি অৰুণাচল প্ৰদেশত বসবাস কৰি অহা আহোম, মৰাণ, দেউৰী, সোণোৱাল সকলে পি আৰ চি লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে, যাৰ ফলত তেওঁলোকে পি আৰ চিৰ দাবীত আন্দোলন কৰি আহিছে।
সেয়ে পৰেশ বৰুৱাই মুখ্য মন্ত্ৰী পেমা খাণ্ডুক তাত বসবাস কৰা এই লোকসকলক পি আৰ চি প্ৰদান কৰিবলৈ অনুৰোধ জনায়।
লগতে পঢ়ক : নতুন ধৰণেৰে সমাজৰ পিছপৰা শ্ৰেণীৰ বিকাশৰ বাবে কাম কৰি অহা এজন উচ্চ শিক্ষিত যুৱক