নিউজ ডেস্কঃ অসমৰ প্ৰথমটো গ’ল্ডেন বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ , ৰ তৃতীয়টো ছিজন দেওবাৰৰ পৰা আৰম্ভ হয়। ছয়মাইলৰ কৃষি ভৱনৰ খেলপথাৰৰ পৰা শুভাৰম্ভ কৰা হয়।

এইবাৰৰ বেবী লগীত চাৰিটা বয়সৰ শাখাত মুঠ ৬০ টা দলে অংশগ্ৰহণ কৰিছে। অনূর্ধ্ব ৬ শাখাত ১০ টা দল , অনূর্ধ্ব ৮ শাখাত ১০ টা, অনুর্ধ্ব ১০ শাখাত ১৬ টা আৰু অনূর্ধ্ব ১২ শাখাত ২৪টা দলসহ ৬০ ৰো অধিক শিশু ফুটবল খেলুৱৈ অংশগ্ৰহণ কৰিছে।

গুৱাহাটী চিটি ফুটবল ক্লাব আৰু স্পৰ্টচক্ৰাফ্ট মেনেজমেণ্ট সহযোগত অয়োজন কৰা এই লীগক সৰ্বভাৰতীয় ফুটবল ফেডাৰ্চেন তথা অসম ফুটবল সন্থায়ে খেল সমূহ অনুষ্ঠিত কৰাত সহায় কৰিছে।

উদ্বোধনী অনুষ্ঠানত ট্ৰফী মুকলি কৰাৰ লগতে প্রথমদিনা চাৰিখন মেচ কৃষি ভৱনৰ খেলপথাৰত অনুষ্ঠিত হয় যায়। উক্ত অনুষ্ঠানটোত ক্ৰীড়া অসম পৰিষদৰ উপাধ্যক্ষ আকাশ ফুকন আৰু আহ্বায়ক চিন্ময় বৰাৰ লগতে গোল্ডেন বেবী লীগৰ কমিটিৰ সদস্য আৰু অসম ফুটবল সংস্থাৰ লোক উপস্থিত থাকে।

উল্লেখযোগ্য যে, গুৱাহাটী স্কুল অব্ এক্সেলেন্স, ছাই বিকাশ, এক্সেছ, প্রিন্ট পাণ্ডা আৰু ল’গ’ এডভাটাইজিঙে ও এইবাৰ লীগ আয়োজন কৰাত সহযোগ কৰিছে।

লগতে পঢ়ক – পাঞ্জাৱৰ পৰা ৪ খালিস্তানীক ডিব্ৰুগড়ৰ কাৰাগাৰলৈ স্থানান্তৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply