অভয়াপুৰী : বঙাইগাঁও জিলাৰ আইনৈৰ নৈসৰ্গিক পৰিৱেশৰ মাজত অৱস্থিত মন্দিৰ এটাত আছে ভগৱান ৰামৰ দ্বিতীয়টো সেউজীয়া মূৰ্তি। জিলাখনৰ সৃজনগ্ৰামৰ সস্তৰৰ ঐতিহাসিক ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰ আইনৈৰ মনোমোহা পৰিৱেশৰ মাজত অৱস্থিত হোৱাৰ বাবে মন্দিৰটো ধৰ্মীয় পৰ্যটনৰ অন্যতম আকৰ্ষণীয় স্থল হিচাপে গঢ় লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

আনুমানিক পঞ্চদশ-ষষ্ঠদশ শতিকাতে স্থাপিত হোৱা এই মন্দিৰটোত আছে বিৰল সেউজীয়া ৰঙৰ ভগৱান ৰামৰ মূৰ্তি। ইয়াৰ লগতে মন্দিৰটোত আছে আপুৰুগীয়া সাঁচিপতীয়া বহু পুথি। ৰঘুনাথ মন্দিৰকলৈ অঞ্চলবাসীৰ মাজত যুগে যুগে চলি আহিছে বিভিন্ন বিশ্বাস, ধৰ্মীয় পৰম্পৰা আৰু লোকগাথা।

বিভিন্নজনৰ মত অনুসৰি সৃজনগ্ৰামৰ এই মন্দিৰটোত থকা ভগৱান ৰামৰ সেউজীয়া মূৰ্তিটো ভাৰতৰ ভিতৰত দ্বিতীয় আৰু অসমৰ একমাত্ৰ মূৰ্তি। একেধৰণৰ আন এটা সেউজীয়া ভগৱান ৰামৰ মূৰ্তি দক্ষিণ ভাৰতত থকা বুলি জনা যায়। ভগৱান ৰামৰ লগতে সীতা, লক্ষ্মণ আৰু শ্ৰীকৃষ্ণৰ মূৰ্তিও আছে ইয়াত। একেটা চোহদতে আছে মহাদেৱৰো আৰাধনাস্থলী।

লগতে পঢ়ক : শিৱসাগৰৰ গেলেকীত আৰক্ষীৰে সংৰ্ষত কুখ্যাৎ অপৰাধী বুবু কোঁৱৰ নিহত

আনহাতে, এই ঐতিহাসিক মন্দিৰটোত থকা সাঁচিপতীয়া পুথিসমূহৰ এতিয়াও পাঠোদ্ধাৰ হোৱা নাই। আপুৰুগীয়া পুথিসমূহৰ সংৰক্ষণ আৰু বিজ্ঞানসন্মত অধ্যয়নে বহু নতুন দিশ উন্মোচন কৰাৰো সম্ভাৱনা আছে। মন্দিৰটোত অনুষ্ঠিত বিভিন্ন উৎসৱ-পাৰ্বণসমূহৰ ভিতৰত দৌলোৎসৱ বিশেষভাৱে উল্লেখযোগ্য। প্ৰতি বছৰে দৌলোৎসৱ উপলক্ষে মন্দিৰটোলৈ বঙাইগাঁৱৰে নহয়, কাষৰীয়া জিলাসমূহৰ পৰাও সমাগম ঘটে বহু ভক্তৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply