তিনিচুকীয়া : তিনিচুকীয়াৰ জিলাৰ ডিগবৈত আজি সংঘটিত এক গ্ৰেণেড বিস্ফোৰণৰ ঘটনাত এজন লোকে প্ৰাণ হেৰোৱাৰ লগতে আন দুজন আহত হ’বলগীয়া হয়।

প্ৰাপ্ত তথ্য মতে, ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত টিংৰাই বজাৰত শুকুৰবাৰে দিনৰ ১ বজাত উক্ত ঘটনাটো সংঘটিত হয়।

এই ঘটনা কোনে সংঘটিত কৰিছিল সেই কথা এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই যদিও আলফা স্বাধীন জড়িত থকা বুলি সন্দেহ কৰা হৈছে।

লগতে পঢ়ক : ONGC, OIL আৰু IOCLৰ ৯৫% পদত থলুৱাক নিযুক্তিৰ দাবী আলফা স্বাধীনৰ

বাইকত অহা দুগৰাকী দুস্কৃতিকাৰীয়ে পুৰণমল আগৰৱালা নামৰ লোকজনৰ দোকানলৈ লক্ষ্য কৰি নিক্ষেপ কৰিছিল গ্ৰেনেড। তোৰণ আগৰৱালা নামৰ ব্যৱসায়ীজনৰ হাৰ্ডৱেৰ দোকানত বিস্ফোৰণ ঘটে।

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইয়াৰে চনদীপ সিং (২৫)ৰ মৃত্যু হয়। আহত কেইজন হৈছে মনজিত দাস, সুৰজিত তালুকদাৰ (২২) আৰু ঘনসিয়াম  আগৰৱালা (৩২)।

ঘণশ্যাম আগৰৱালা তোৰণ আগৰৱালা নামৰ ব্যৱসায়ীজনৰ ভতিজাক বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply