খাৰঘূলিৰ জয়পুৰত সংঘটিত জাইকা প্ৰকল্পৰ জল বিস্ফোৰণৰ পাছত এতিয়া কেনে আছে ভুক্তভোগী লোকসকল? কেনেকৈ জীৱন নিৰ্বাহ কৰিছে এতিয়া গৃহহাৰা এইসকল লোকে? এই জল বিস্ফোৰণত নিহত সুমিত্ৰা ৰাভাৰ জীয়ৰী কেনে আছে এতিয়া? এই সকলোবোৰ সামৰি ইষ্টমজ অসমৰ পৰা ৰাজৰ্ষি চহৰীয়াৰ গ্ৰাউণ্ড জিৰ’ ৰিপৰ্ট।
ঘৰবোৰ এতিয়াও ভাঙি পৰি আছে। কাষৰে এখন বিদ্যালয়ৰ কোঠাত আশ্ৰয় ল’ব লগা হৈছে তেওঁলোকে। কোনোৱে যদি হেৰুৱাইছে সপোনৰ ঘৰখন, কোনোৱে আকৌ হেৰুৱাইছে মাতৃক। কান্দি কান্দি যে চকুপানীও শুকাই গৈছে চকুতেই।
জাইকা প্ৰকল্পৰ পৰীক্ষণৰ ফল ভূগিবলগীয়া হ’ল এইসকল দুৰ্ভগীয়া লোকে। ঘৰখনতেই জমা ৰখা ধনখিনিও বিচাৰি পোৱা নাই একাংশ লোকে। ইষ্টমজ অসমৰ কেমেৰাৰ সমূখতে ক’লে সকলো। এতিয়া হেনো তেওঁলোক পথৰ ভিক্ষাৰী হৈ পৰিছে। নিজৰ ঘৰখন হেৰুৱাই তেওঁলোকনো কেনেকৈ জীয়াই থাকে বুলিও কৰিলে প্ৰশ্ন।
বৃহস্পতিবাৰে খাৰঘূলিৰ জয়পুৰত জাইকাৰ পাইপ ফাটি যি ঘটনা সংঘটিত হ’ল তাৰপাছতে কেইবাটাও পৰিয়াল হৈ পৰিল গৃহহাৰা। তেওঁলোকৰ এতিয়া আশ্ৰয় সমীপৰে জয়পুৰ প্ৰাথমিক বিদ্যালয়। প্ৰায় ৬০-৭০ গৰাকী লোকে আহি আশ্ৰয় লৈছে বিদ্যালয়খনত।
শ্ৰেণী কোঠাতে শিবিৰ পাতি থাকিবলগীয়া হৈছে এই দুৰ্ভগীয়া লোকসকল। উপায়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা তেওঁলোকৰ বাবে খাদ্য, পানী আদিৰ যোগান কৰা হৈছে। বিদ্যালয়খনতে গৃহহাৰা হোৱা এগৰাকী ব্যক্তিক আমি সুধিছিলো জল বিস্ফোৰণৰ হোৱাৰ পাছৰ পৰিস্থিতি।
শিবিৰতে ডেক্স-বেঞ্চ পাৰি এতিয়া খাদ্য গ্ৰহণ কৰিছে এইসকল লোকে। খোৱাপানী-খাদ্য আদি যোগান ধৰিছে যদিও তেওঁলোকৰ মন ভঙাপুঁজিটোলৈ আকৌ ঘূৰি যাব, প্ৰয়োজন হ’লে মাটিতেই নিশা কটাব। তাৰ মাজতে ভুক্তভোগী এগৰাকী মহিলাই কয়- পানীৰ পাইপৰ পৰীক্ষণ কৰাৰ পূৰ্বে আমাক জনাব লাগিছিল।
শিবিৰৰ পৰা ওলাই আমি আগুৱাই গৈছিলো সেই ক্ষতিগ্ৰস্ত বাসগৃহ কেইটাৰ দিশে। তাতেই লগ পালো জল বিস্ফোৰণত নিহত সুমিত্ৰা ৰাভাৰ জীয়ৰীক। দেখুৱালে আমাক তেওঁলোকৰ ক্ষতিগ্ৰস্ত বাসগৃহটোৰ অৱস্থা।
মাতৃক হেৰুওৱাৰ দুখ মনত লৈ ভঙা বাসগৃহটোতেই বহি আছে সুমিত্ৰা ৰাভাৰ কন্যা। ভৰিত আঘাত পাইছিল জল বিস্ফোৰণৰ দিনা। বহুত বেছি কথা ক’বলৈ নোৱাৰে, কিয়নো মানসিকভাৱে ভাঙি পৰিছে তেওঁ। তথাপিও আমাক জনাই গ’ল মাতৃক হেৰুওৱা সেই দিনটোৰ কথা।
খাৰঘূলিত সংঘটিত এই জল বিস্ফোৰণৰ দিনটোৰ বিষয়ে ক’লে আন এগৰাকী স্থানীয় মহিলাই। সুমীত্ৰা ৰাভাৰ চুবুৰীয়া তেওঁ। উক্ত দিনটোৰ সকলো কথাবোৰ এনেদৰে কৈ গ’ল মহিলাগৰাকীয়ে-
জাইকা প্ৰকল্প নাথাকিলে গুৱাহাটীৰ বাবে পানীৰ বিকল্প পথ কি হ’ব? ভৱিষ্যতে পুনৰ এনে ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে নেকি? এনে বহু কেইটা প্ৰশ্নৰ লগতে অধিক ভয়ংকৰ তথ্য ইষ্টমজ অসমৰ দ্বিতীয় প্ৰতিবেদনত আমি দাঙি ধৰিম।