গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয় লাভ ।
আছুৰ দখলত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা। সভাপতি পদত আছু সমৰ্থিত কল্যাণ কাশ্যপ গগৈৰ জয়লাভ। সাধাৰণ সম্পাদক পদত পুন্যব্ৰত দত্তৰ জয়লাভ। উপ সভাপতি পদত বিজয়ী নিৰঞ্জন বৰা। লঘু ক্ৰীড়া, ছাত্ৰী জিৰণি কোঠা পদতো আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ। সহঃ সাধাৰণ সম্পাদক পদত কস্তুৰী শিৱমৰ জয়লাভ। সহকাৰী সম্পাদক, সাহিত্য আৰু সুকুমাৰ কলা পদত ABVP সমৰ্থিত প্ৰাৰ্থী জয়ী। আনহাতে, সমাজ সেৱা সম্পাদক পদত অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থী জয়ী হৈছে।