গুৱাহাটী: অহা মঙলবাৰে গুৱাহাটীত হবলগীয়া নিৰ্বাচনৰ বাবে মহানগৰবাসীয়ে এতিয়া যাতায়াতৰ ক্ষেত্ৰত দূৰ্ভোগ ভুগিব লগা হৈছে । শণিবাৰেই দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু জালুকবাৰী সমষ্টিৰ বাবে জিলা প্ৰশাসনে অধিগ্ৰহন কৰিছে প্ৰায় ১২৫০ যান বাহন ।
চিটিবাছৰ উপৰিও, ট্ৰেভেলাৰ, মেজিক আদিও অধিগ্ৰহন কৰিছে জিলা প্ৰশাসনে । শণিবাৰৰ পৰা মঙলবাৰলৈকে এই যানবাহন সমূহ অধিগ্ৰহন কৰিছে । যাৰ ফলত মহানগৰবাসীয়ে এতিয়া যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীণ হৈছে । চৰকাৰী পৰিবহন ব্যবস্থাটোৰো অবস্থা তথৈবছ ।
ফলত চিটিবাছ আৰু মেজিকত সততে যাত্ৰা কৰা লোকসকলে বাছসমূহ মুকলি কৰি নিদিয়ালৈকে হাৰাশাস্তিৰ সন্মুখীণ হব লাগিব । চৰকাৰৰ পৰিবহন বিভাগটোৱে জনসাধাৰণ সুবিধা অসুবিধাক লৈ কোনো ধৰনৰ চিন্তা চৰ্চা নথকাৰ বাবেই আজি মহানগৰবাসীয়ে সমস্যাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীণ হ’বলগাত পৰিছে ।