তিনিচুকীয়া : জিলা উপায়ুক্তৰ কাৰ্যালয়ত অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় উদ্বোধন। তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়তে এটা ভৱনত অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় হিচাপে অনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়।

অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় উদ্বোধন কৰে অসম চৰকাৰৰ কৃষি, উদ্যান শস্য, পশুপালন,পশু চিকিৎসা, অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই। এই কাৰ্য্যসূচীত মন্ত্ৰী অতুল বৰাৰ লগতে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা, তিনিচুকীয়া জিলা উপায়ুক্ত নৰসিং পাৱাৰ সম্ভাজী, তিনিচুকীয়া জিলা অগপৰ সভাপতি জ্যোতিমনি মৰাণ, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়া আদি উপস্থিত থাকে।

লগতে পঢ়ক : ক’ভিডত মৃত ব্যক্তিৰ পৰিয়ালবৰ্গলৈ প্ৰাৰ্থনা আঁচনিৰ আৰ্থিক সাহাৰ্য

মন্ত্ৰী গৰাকীয়ে আজি তিনিচুকীয়াত মাকুম নগৰ পানী যোগান আঁচনিখনৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply