অৱহেলিত দগাযুঁজ ৰণকৌশল প্ৰত্নতাত্বিক স্থান
YouTube video

সোণাৰি: আহোম ৰাজত্বকালৰ সৈন্য বাহিনীয়ে অনুশীলন কৰা এডোখৰ অন্যতম ঠাই হ’ল দগাযুঁজ ৰণকৌশল ক্ষেত্ৰ। ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পৰা পাঁচ কিঃমিঃৰ আতৰত আছে দগাযোঁজ ৰণকৌশল ক্ষেত্ৰখন। কিন্তু আজি পৰিত্যক্ত, অৱহেলিত অৱস্থাত আছে এই গুৰুত্বপূৰ্ণ ঠাইখন।

বুৰঞ্জী অনুসৰি আহোম স্বৰ্গদেউ চাওলুং চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰাৰ পূৰ্বে এই ঠাইত বৰাহী ৰজাৰ শাসন আছিল। পৰৱৰ্তী সময়ত চাওলুং চুকাফাই সাতৰাজ সামৰি একৰাজ কৰাত ঠাইখন আহোমসকলে শাসন কৰে। আনহাতে আহোম ৰাজত্বকালৰ প্ৰতাপী ৰজা জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলৰ লগত যুঁজিব পৰাকৈ অসমীয়া সেনা বাহিনীৰ ৰণ কৌশল শিবিৰ তৈয়াৰ কৰিবলৈ ভজোৰ এই স্থানত দগাযুঁজ অৰ্থাৎ গৰিলা যুদ্ধৰ প্ৰশিক্ষণ দিয়া হয়। সৰু সৰু টিলাৰ মাজেৰে নলা খান্দি এই স্থানতে দগাযুঁজৰ ৰণকৌশল শিকোৱা হৈছিল। কিন্তু অতি পৰিতাপৰ কথা এই দগাযুঁজ ৰণকৌশল ক্ষেত্ৰখন এতিয়া পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে।

সোণাৰিৰ পাৰ্শ্বৱৰ্তী ভজোত প্ৰায় ২০০ বিঘাৰোধিক মাটি কালিৰে আৱৰি আছে এই ৰণকৌশল প্ৰত্নতাত্বিক স্থান । কিন্তু অতি পৰিতাপৰ বেদখলকাৰীৰ কৱলত পৰি এতিয়া এশ বিঘামান মাটিত পৰিত্যক্ত অৱস্থাত আছে এই ঠাই।
২০০৬ চনত তদানীন্তন চৰাইদেউ মহকুমা প্ৰশাসনে ঠাইখন চিনাক্ত কৰে যদিও বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত তেনেকৈয়ে হাবি বননিৰে ভৰপূৰ হৈ পৰে এই ঐতিহাসিক ঠাইখন। যাৰ ফলত টাই আহোম যুৱ পৰিষদ অসমৰ তৰফৰ পৰা এতিয়া অতি শীঘ্ৰে সংৰক্ষণ কৰা লগতে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে চৰকাৰক।

ইফালে সোণাৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভজো গাঁও পঞ্চায়তৰ বগৰীগুৰি অঞ্চলত থকা তথা ইতিমধ্যে পুৰাতত্ব বিভাগৰ অধীনলৈ যোৱা দগাযুঁজ ৰণকৌশল প্ৰত্নতাত্বিক স্থান আজিও অৱহেলিত হৈ পৰি ৰোৱা কাৰ্য দূৰ্ভাগ্যজনক।

লগতে পঢ়ক: আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত কোকৰাঝাৰৰ অভয়াকুটিৰ দুই ভগ্নীৰ ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply