ধেমাজিঃ ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে দেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ত অক্সিজেনৰ নাটনিয়ে সৃষ্টি কৰিছে অভূতপূৰ্ব পৰিস্থিতিৰ। 

দিল্লীত অক্সিজেনৰ ভয়ংকৰ নাটনি।চৰকাৰী-বেচৰকাৰী সকলো চিকিৎসালয়তে নাটনি হৈছে অক্সিজেনৰ।

দেশৰ এই ভয়ংকৰ সময়ত কভিড সৃষ্ট পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বিভিন্ন পক্ষই সহায়ৰ হাত আগবঢ়াইছে ৷

আৰু পঢ়কঃ১৪ দিনৰ লকডাউনৰ পোষকতা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

অসমতো ধেমাজিৰ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই অক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ নগদ ধন বৰঙণি হিচাপে প্ৰদান কৰিছে গোগামুখ আৰু ধেমাজি অসামৰিক চিকিৎসালয়ত ৷

১০টা অক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ ধন প্ৰদান কৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই।

ধেমাজিৰ গোগামুখত আছুৰ ৩৭ সংখ্যাক কেন্দ্ৰীয় বহাগী বিদায়ৰ কাৰ্যসূচী বাতিল কৰি হাতত জমাকৃত ধন অক্সিজেন ক্ৰয় কৰিবলৈ আগবঢ়ায়।

কভিড মহামাৰিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৫-১৬ বহাগত অনুষ্ঠিত হ’বলগীয়া বহাগী বিদায়ৰ কাৰ্যসূচী বাতিল কৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply