নিউজ ডেস্কঃ গুজৰাটৰ দলিত নেতা জীগনেশ মেৱানীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। যোৱা নিশা অসম আৰক্ষীৰ এটা দলে গুজৰাটৰ নেতাগৰাকীৰ গ্ৰেপ্তাৰ কৰাৰ পাছত আজি অৰ্থাৎ বৃহস্পতিবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই।
সাংবাদিকৰ আগত ভূপেন বৰাই কয়- ‘যোৱা নিশা অসম আৰক্ষীৰ কোকৰাঝাৰ জিলাৰ এটা দল গৈ গুজৰাটৰ আমাৰ দলৰ এজন শক্তিশালী দলিত নেতা , গুজৰাটৰ এজন বিধায়ক জীগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি গুৱাহাটীলৈ লৈ আহিছে। জীগনেশ মেৱানীৰ সম্পৰ্কত এতিয়ালৈকে আৰক্ষীয়ে সম্পূৰ্ণ এফআইআৰ সন্দৰ্ভত আমাক জনোৱা নাই যদিও , তেওঁ এটা টুইট কৰিছিল। যিটো টুইটত আৰএছএছ আৰু মোডী ডাঙৰীয়াক সমালোচনা কৰা বুলি উল্লেখ আছে। জীগনেশ মেৱানীয়ে ৰাজনীতি জীৱনৰ আৰম্ভণিৰে পৰা বিজেপি আৰু আৰএছএছৰ এজন কঠোৰ সমালোচক আৰু তেওঁলোকৰ বিভিন্ন বক্তব্যই বিজেপি আৰু আৰএছএছৰ স্বৰূপ উদঙাই দি আহিছে। আৰু সেই ব্যক্তিজন বিপুল ভোটৰ ব্যৱধানত বিজেপিৰ বিৰুদ্ধে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিলে। অসমৰ এজন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত অসম আৰক্ষীয়ে হঠাৎ গৈ এটা টুইটৰ কাৰণত গুজৰাটৰ পৰা এজন বিধায়কক গ্ৰেপ্তাৰ কৰি আনিছে। অথচ গুৱাহাটীত ১২ দিনত ১৩টা হত্যা কাণ্ড সংঘটিত হৈছে…।’
লগতে এপিচিচিৰ সভাপতি গৰাকীয়ে কয়- ‘ফাচী বজাৰত ঘৰৰ সন্মুখতে মানুহে আহি গুলীয়াই থৈ গৈছে, বেলতলাত গুলীয়াই থৈ গৈছে। মানুহে নিৰাপত্তাহীনতাত ভূগিছে। এইবোৰ বিষয়ত কিন্তু অসম আৰক্ষীয়ে যি ধৰণে তৎকালীন পদক্ষেপ ল’ব লাগে সেই পদক্ষেপ গ্ৰহণত চৰম ব্যৰ্থতা…, অসম আৰক্ষীয়ে যিধৰণৰ কাম-কাজ কৰিলে, আজি গোটেই গুজৰাটৰ মানুহে অসম আৰক্ষী গ’বেক দিছে। আৰু এজন বিধায়কক যিধৰণে ষড়যন্ত্ৰ কৰি গ্ৰেপ্তাৰ কৰা হৈছে…, হয়তো বিজেপিয়ে ভাবিছে যে জীগনেশ মেৱানীয়ে ভয় খাই যাব। মই অসম আৰক্ষীক এই ধৰণৰ নিৰ্যাতনমুখী চিন্তা-চৰ্চা ৰাজনৈতিক দল বিলাকৰ হাথিয়াৰ হিচাপে কাম নকৰিবলৈ আহ্বান জনাইছো…।’