নিউজ ডেস্কঃ আজি পুৱা ১০ বাজি ৩০ মিনিটত অসমৰ নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰই শপত গ্ৰহণ কৰে। গুৱাহাটীত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই অসমৰ নতুন ৰাজ্যপাল গৰাকীক শপত বাক্য পাঠ কৰোৱায়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কাৰ্যসূচী সম্পন্ন হয় যায়।
শপত গ্ৰহণৰ অনুষ্ঠানটিত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ বহুতো মন্ত্ৰী, বিধায়ক উপস্থিত থাকে।
উল্লেখযোগ্য যে, নৱনিযুক্ত ৰাজ্যপাল গৰাকীয়ে শপত গ্ৰহণৰ প্ৰাকমূহূৰ্তত ভগৱানৰ আশিস ল’বলৈ শক্তিপীঠ কামাখ্যা মন্দিৰত পুৱা ভাগতেই উপস্থিত হয় । দেৱী কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়াই পৰিয়ালসহ দেৱীৰ আশিস গ্ৰহণ কৰে।
লগতে পঢ়ক – দেশৰ ৰাজধানীত নিষিদ্ধ হ’ল অ’লা, উবেৰ আৰু ৰেপিড’ৰ বাইক সেৱা