নিউজ ডেস্ক: তিনিচুকীয়া জিলাত দেওবাৰে আলফা (স্বাধীন) আৰু নিৰাপত্তা বাহিনীৰ মাজত এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় বুলি দেওবাৰে এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি বৰডুমছা আৰক্ষী থানাৰ অন্তৰ্গত কুজুপথাৰত আৰক্ষীৰ এটা দলে কালি অভিযান চলাইছিল।

আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে, উপ-মহাপৰিদৰ্শক (এন ই আৰ) জিটমল দ’লেৰ নেতৃত্বত চলা এই অভিযানৰ সময়ত তেওঁলোকৰ ওপৰত উগ্ৰপন্থীয়ে আক্ৰমণ কৰাত দুয়োপক্ষৰ মাজত কিছু সময়ৰ বাবে গুলীয়াগুলী চলে।

অৱশ্যে উক্ত ঘটনাত দুয়োপক্ষৰ কোনো লোক হতাহত হোৱা নাই বুলি উল্লেখ কৰি আৰক্ষী বিষয়া গৰাকীয়ে কয়, ‘’আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি অভিযান আৰম্ভ কৰিছে।‘’

লগতে পঢ়ক – ঘোষণা হ’ল JEE Main 2022-ৰ ফলাফল; ফলাফলৰ বাবে ক্লিক কৰক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply