কোকৰাঝাৰত থকা ইউ পি পি এলৰ যুৱক সংগঠনৰ এটা কাৰ্য্যালয়ৰ ওপৰত অচিনাক্ত বন্ধুকধাৰীয়ে গুলীচালনা কৰাৰ ঘটনা সংঘটিত হৈছে।
আৰক্ষীয়ে জনোৱা মতে বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৪৫ বজাত কোকৰাঝাৰৰ হালংবজাৰত গুলীচালনাৰ ঘটনা ঘটে।
সেই সময়খিনিত কাৰ্য্যালয়টোৰ ভিতৰত দলটোৰ লোক আছিল যদিও কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই খবৰ অহা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ঘটনাস্থলীত আৰক্ষীয়ে এ কে-৪৭ৰ কেইবাটাও খালী কাৰ্টুজ উদ্ধাৰ কৰে।
ঘটনা সম্পৰ্কত বৰ্তমান তদন্ত চলি আছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
উল্লেখযোগ্য যে দেওবাৰে ফলাফল ঘোষণা হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনত ইউ পি এল এল বিজেপি মিত্ৰজোঁটেৰ অন্যতম অংশীদাৰ। দলটোৱে ৮খন আসনত প্ৰতিদ্বন্দিতা কৰিছে।