গুৱাহাটী : শিক্ষাৰ গুণগত মান উন্নীতৰণৰ বাৰে আগন্তুক বৰ্ষত ৰাজ্যখনত অনুষ্ঠিত হ’বলীয়া গুণোৎসৱৰ বিভিন্ন দিশ পর্যালােচনা কৰাৰ উদ্দেশ্যৰে দেওবাৰে জনতাভৱনস্থিতি মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পেৰােহিত্যত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে দুটা পর্যায়ত গুণােৎসৱ আয়ােজন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়।

২০২২ চনৰ ৫, ৬ আৰু ৭ এপ্রিলত প্রথম পর্যায় আৰু ২৫, ২১ আৰু ২২ এপ্রিলত দ্বিতীয় পর্যায়ত গুণোৎসব অনুষ্ঠিত হ’ব। ইয়াৰ জৰিয়তে প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ ৰাজ্যখনৰ ৪ ২,৫১,৫২৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লােৱা হ’ব।

ৰাজ্যখনৰ চৰকাৰী, প্রদেশীকৃত আৰু চাহ বাগিচা ব্যৱস্থাপনাৰে সামৰি লােৱা ৪৬,২৫১ খনি বিদ্যালয়ত গুণােৎসৱ অনুষ্ঠিত হ’ব।।বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শিক্ষাৰ গুণগত মান অধিক উন্নাতকৰণৰ বাৰে গুণােৎসৱ সফলভাবে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে।

ছাত্ৰ-ছাত্ৰীসকলে অর্জন না অনিৰ সঠিক মূল্যায়নৰ বাবে পৰীক্ষা আৰু মূল্যাংকন পদ্ধতি অধিক শক্তিশালী কৰাৰ বাবে শিক্ষা বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে।।বৈঠকত শিক্ষা বিভাগ শীর্ষ বিষয়াসকলে গুণােৎসৱৰ বাবে বিভাগে গ্ৰহণ কৰা বিভিন্ন বাৱস্থাৰাজীৰ সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰে।

লগতে পঢ়ক  : অসমত এতিয়ালৈকে কোনো ব্যক্তি অ’মিক্ৰনত আক্ৰান্ত হোৱা নাই

এই বৈঠকত শিক্ষা বিভাগৰ উপদেষ্টা ড ননী গােপাল মহন্ত, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্রবর্তী ধৰি শিক্ষা বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply