ৰাজ্যত ক’ভিড সংক্ৰমণে ভয়াবহ ভাবে বৃদ্ধি পোৱাৰ পিছতো এচাম ব্যক্তিগত খন্ডৰ বিদ্যালয়ে চৰকাৰী নিৰ্দেশলৈ কেৰেপ নকৰি চলাই গৈছে কামকাজ।
গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্ৰামাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক’ভিডৰ ভয়ানক সংক্ৰমণ। ৩০ গৰাকী শিক্ষক-কৰ্মচাৰী আক্ৰান্ত হৈছে শিক্ষানুষ্ঠানত । ১৪৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ক’ভিড পৰীক্ষাৰ অন্তত ৩০ জনৰ দেহত ধৰা পৰিল ক’ভিডৰ অৱস্থিতি। ইয়াৰে ২২ জন শিক্ষক আৰু ৮ গৰাকী বিদ্যালয়খনৰ কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হৈছে।

প্ৰায় ৩-৪ দিন পূৰ্বৰে পৰা জ্বৰ-চৰ্দিত ভুগি আছিল বিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী। শিক্ষক-কৰ্মচাৰীৰ দেহত ক’ভিডৰ লক্ষণ থকাৰ পাছতো দৈনিক পাঠদান চলি আছিল বিদ্যালয়খনত। একাংশ অভিভাৱকে এই সম্পৰ্কত জিলা উপায়ুক্তক অৱগত কৰাৰ পাছত মঙলবাৰে বিদ্যালয়খনত অতৰ্কিতে উপস্থিত হয় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দল। স্বাস্থ্য বিভাগৰ দলটোৱে বিদ্যালয়খনত উপস্থিত হৈ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীক পৰীক্ষা কৰাৰ পাছত ৩০ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিত।

পূৰ্বতে ৮ গৰাকী শিক্ষক আক্ৰান্ত হোৱাৰ পিছতো গুৰুত্ব নিদি বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ত চলাই আছিল নিয়মীয়া পাঠদান। স্বাস্থ্য বিভাগে হঠাত্‍ কৰা কোভিড টেষ্টত পাঠদান কৰি থকা ২২গৰাকী শিক্ষকৰ ওলাল পজিটিভ। ইতিমধ্যে জিলা প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ বিদ্যালয়খন বন্ধৰ নিৰ্দেশ দিছে। এই সমূহ ব্যক্তিগত খন্ডৰ বিদ্যালয়ে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালী খেলাতো নিয়মত পৰিণত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply