গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বৈঠক।

এইবাৰ ১০০শতাংশ পাঠ্যক্ৰমৰ পৰা প্ৰশ্ন কাকত প্ৰস্তুত কৰা হৈছে। বহু পৰীক্ষাৰ্থীয়ে পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা কৈছিল। কিন্তু তাৰ পৰিৱৰ্তে ১০০% পাঠ্যক্ৰমৰ পৰা প্ৰশ্ন কাকত প্ৰস্তুত কৰা হৈছে বুলি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰে।

লগতে বৰুৱাই কয় যে ছাত্ৰ-ছাত্ৰী সকলে চিন্তা কৰিব নালাগে। ১০০% পাঠ্যক্ৰমৰ পৰা প্ৰশ্ন কাকত প্ৰস্তুত কৰিলেও প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব বিকল্প প্ৰশ্ন। অৰ্থাৎ যদি ১০টা প্ৰশ্নৰ উত্তৰ দিব লাগে তেনেহলে তাৰ বিপৰীতে থাকিব আন ১০টা বিকল্প প্ৰশ্ন। আমি ছাত্ৰ- ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কথা কৈছিলোঁ। তাত সকলোৱে সহমত প্ৰকাশ কৰিছে।এইবাৰ যিকোনো প্ৰকাৰে পৰীক্ষা অনুষ্ঠিত হোৱাটো আমি মনে- প্ৰাণে বিচাৰিছোঁ।কোভিড পৰিস্থিতি প্ৰতিও গুৰুত্ব দিব কৈছোঁ। যদি কোনো পৰীক্ষাৰ্থী কোভিড আক্ৰান্ত হয়, তেনেহ’লে তেওঁকো পৰীক্ষা দিয়াৰ বাবে সুকীয়া ব্যৱস্থা কৰিব কৈছোঁ। আমি পৰীক্ষা কেন্দ্ৰ বৃদ্ধিৰ বাবে কৈছিলোঁ। এই সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত লব উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। এইবাৰ এটা দুখৰ বিষয় যে পূৰ্বতকৈ পৰীক্ষাৰ্থী কমিছে। প্ৰায় ৩৫ হাজাৰ পৰীক্ষাৰ্থী কমিছে।

চান্দা সংস্কৃতি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুয়ে। চান্দা সংস্কৃতিৰ মূল সদাগৰ হিমন্ত বিশ্ব শৰ্মা নিজেই। তেওঁ পূৰ্বতে কি কৰিছে সেয়া সকলোৱে জানে। পানবজাৰ থানাতো আছিল হিমন্ত। সেই কথা সকলোৱে জানে। মুখ্যমন্ত্ৰী হৈ এনে তৰল কথাত লাগি থাকিব নালাগে। নহ’লে চৰকাৰখনে উন্নয়নমূলক কাম কেনেকৈ কৰিব বুলি প্ৰশ্ন অৱতাৰণা শংকৰজ‍্যোতি বৰুৱাৰ।

লগতে পঢ়কঃমাজুলীত সন্ত্ৰাস চলাই থকা গঁড়টোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা

কৰোনাৰ সুৰুঙা লৈ চৰকাৰে  NHPC  প্ৰকল্পৰ কাম কৰিছে বুলি মন্তব‍্য আছুৰ। অসমৰ ৰাইজৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই কাম কেতিয়াও হবলৈ দিয়া নহ’ব। পৰিস্থিতি ভাল হৈছে আছুয়ে ইয়াৰ প্ৰতিবাদ কৰিবলৈ সাজু। বিশেষজ্ঞ কমিটিয়ে দিয়া প্ৰতিবেদন চৰকাৰে অৱজ্ঞা কৰিলে নহ’ব। ৰাইজক প্ৰলোভন আৰু দমন কৰি চৰকাৰে প্ৰকল্পৰ কাম চলাইছে। জনতা,বিভিন্ন দল-সংগঠনক প্ৰতিবাদলৈ ওলাই আহিবলৈ আহ্বান আছুৰ সাধাৰণ সম্পাদক শংকৰ বৰুৱাৰ।

ইফালে মৃদুপৱন নেওগৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ। মৃদুপৱন নেওগৰ দৰে ঠগ- প্ৰবঞ্চকক ধৰিব নোৱাৰাটোৱেই বুজাই অসম আৰক্ষী কিমান স্মাৰ্ট।

আনন্দ মিশ্ৰাই মুখা খুলিম বুলি ভাবুকি দিছে। এতিয়ালৈ কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই। মৃদুপৱনক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটোৱে বুজাই যে আৰক্ষীয়ে প্ৰবঞ্চকটোক পলাবলৈ সুবিধা কৰি দিছে বুলিও মন্তব্য কৰে শংকৰ বৰুৱাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply