গুৱাহাটীঃ মহানগৰীৰ বশিষ্ঠত নিশা ভয়ংকৰ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকে মহতিয়াই নিলে এজন গাখীৰ ব্যৱসায়ীক।দুৰ্ঘটনাত থিতাতে নিহত খানাপাৰাৰ নাৰায়ণ শৰ্মা নামৰ ব্যক্তিজন। স্কুটাৰেৰে আহি আছিল গাখীৰ ব্যৱসায়ীজন। খানাপাৰা পৰিবহন ভৱনৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো।
লগতে পঢ়কঃবস্তা প্ৰস্তুত কৰা প্ৰতিষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড : ভস্মীভূত কোটি টকাৰ সম্পত্তি
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ MZ01T 7948 আৰু স্কুটীখনৰ নম্বৰ AS01EW 8886 । ট্ৰাকখন ইতিমধ্যে জব্দ কৰিছে বশিষ্ঠ যান বাহন আৰক্ষীয়ে। বশিষ্ঠ চাৰিআলিৰ পৰা খানাপাৰা অভিমুখে আছিল ট্ৰাক আৰু স্কুটিখন।