গুৱাহাটীঃ সোমবাৰে নিশা মহানগৰীৰ উলুবাৰীত সংঘটিত হৈছে পথ দুর্ঘটনা। তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে তিনিখনকৈ বাহন।
ট্ৰাকখনে এখন মেজিক, চুইফট ডিজায়াৰ আৰু অন্য এখন বাহনক মহতিয়াই নিয়ে।
লগতে পঢ়কঃকামৰূপ আৰক্ষীৰ অভিযানত গাঞ্জাসহ দুই ব্যৱসায়ী গ্ৰেপ্তাৰ
পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত হয় মেজিকখনৰ চালক। আহত চালকজনক আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুর্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰে। ট্ৰাকৰ চালকজন সুৰামত্ত অৱস্থাত আছিল বুলি ৰাইজে জানিবলৈ দিয়ে।