নিউজ ডেস্কঃ ধূলিয়ে আৱৰি ধৰিছে সমগ্ৰ গুৱাহাটী মহানগৰী। গুৱাহাটী এতিয়া প্ৰদূষণৰ কৱলত। ৰাজধানী চহৰ দিল্লীৰ দৰেই হৈ পৰিছে গুৱাহাটীৰ অৱস্থা।
বিপদসীমা অতিক্ৰম কৰিছে মহানগৰীৰ এয়াৰ কোৱালিটি ইনডেক্সে। কুঁৱলী সদৃশ ধূলিৰ এই ডাঁৱৰে আঁৱৰি ধৰাৰ ফলত যান-বাহন চলাচলৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সমূখীন হৈছে মহানগৰবাসী।
তদুপৰি, উশাহ বন্ধ হৈ যোৱা ধৰণৰো এক পৰিৱেশে বিৰাজ কৰিছে। যাৰ ফলত এতিয়া গুৱাহাটীবাসী বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে।
জানিব পৰা মতে, আজি পুৱা গুৱাহাটী মহানগৰীৰ এয়াৰ কোৱালিটী ইনডেক্স ৪০০ৰো ঊৰ্ধ্বলৈ গতি কৰিছে। যি সঁচাকৈ চিন্তনীয় বিষয়।