গুৱাহাটী বিমানবন্দৰ

লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমানবন্দৰ আদানি গ্রুপলৈ হস্তান্তৰ প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে৷

ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণে বৰঝাৰ বিমানবন্দৰ আদানী গ্রুপলৈ হস্তান্তৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ আদানী গ্রুপক বিমানবন্দৰ হস্তান্তৰ কৰাৰ সময়তে যোৱা ২৭ জুলাইত বৰঝাৰ বিমানবন্দৰৰ সঞ্চালক ৰমেশ কুমাৰে জাৰি কৰিছে এক নির্দেশ

নির্দেশটোত কোৱা হৈছে অহা ৩১ আগষ্টৰ ভিতৰত বিমানবন্দৰ চৌহদত থকা বিষয়া–কর্মচাৰীৰ সকলো আৱাস আৰু কার্যালয় খালী কৰিবলৈ ৷ কিন্তু ক’ভিডৰ ভয়াৱহতা মাৰ নৌযাওঁতেই মাত্র এমাহৰ ভিতৰতে কোনোপধ্যে আৱাস খালী কৰাটো সম্ভৱ নহয় বুলি কর্মচাৰীসকলে কর্তৃপক্ষক জনাই দিছে৷

এই সন্দর্ভত ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ কর্মচাৰীসকলৰ সর্ববৃহৎ সংগঠন ‘এয়াৰপ’ট অথৰিটী এমপ্লয়িজ ইউনিয়ন’ৰ উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় সভাপতি সুশীললাল চৌধুৰী আৰু সম্পাদক পৱিত্র দাস, গুৱাহাটী শাখাৰ সভাপতি অর্জুন বাচফৰ আৰু সম্পাদক ৰাজু কুমাৰ দাসে এটা বিবৃতিত কয় বর্তমান ক’ভিড–১৯ৰ ভয়াৱহতাৰ বাবে বেছিভাগ বিষয়া–কর্মচাৰীয়ে আৱাসত পৰিয়াল সহিতে থাকিবলগীয়া হৈছে৷

চৌহদত বর্তমান প্রাধিকৰণৰ ২২১টা, কেন্দ্রীয় লোকনির্মাণ বিভাগৰ ৮৯টা আৰু বতৰ বিজ্ঞান বিভাগৰ ৭৪টা আৱাস আছে৷ তেনেদৰে কেইবাটাও সৰু–বৰ কার্যালয় আছে৷ ইয়াৰ আগতেও বিগত ২০২০ বর্ষৰ শেহৰ ফালে কর্তৃপক্ষই আৱাস খালী কৰাৰ জাননী জাৰি কৰিছিল৷ কিন্তু প্রতিবাদী কার্যসূচী গ্রহণ কৰাত খালী কৰাৰ নির্দেশ সাময়িকভাৱে স্থগিত ৰখা হৈছিল৷ কিন্তু ক’ভিডৰ ভয়াৱহতাৰ সময়ত পুনৰ ঘৰ খালী কৰাৰ জাননী জাৰি কৰাত বিষয়া–কর্মচাৰীসক মাজত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত ল’লে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply