গুৱাহাটী: গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত আজি সংঘটিত এক অভাৱনীয় কাণ্ডত এগৰাকী ৮০ বছৰীয়া শাৰীৰিক বাধাগ্ৰস্ত মহিলাক নিৰাপত্তা তালাচীৰ নামত উলংগ হ’বলৈ বাধ্য কৰোৱা হ’ল।

ভুক্তভোগী মহিলা গৰাকী নাগালেণ্ডৰ বিশিষ্ট লেখিকা, নৃতত্ত্ববিদ ডলি কিকনৰ মাতৃ Mhalo Kikon বুলি জানিব পৰা গৈছে।

নিজৰ টুইটাৰত ডলি কিকনে গুৱাহাটী বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে তেওঁৰ মাতৃৰ ওপৰত চলোৱা তালাচীৰ কথা বৰ্ণনা কৰি কয়, ‘গুৱাহাটী বিমানবন্দৰত CISF ৰ নিৰাপত্তা তালাচীত মোৰ শাৰীৰিক বাধাগ্ৰস্ত ৮০ বছৰীয়া মাতৃক উলংগ হ’বলৈ বাধ্য কৰোৱা হ’ল। তেওঁৰ titanium hip implantৰ ‘প্ৰমাণ’ বিচাৰি নিৰাপত্তা কৰ্মীয়ে তেওঁক কাপোৰ খুলিবলৈ বাধ্য কৰায়।’

বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে আনকি তেওঁৰ বৃদ্ধা মাতৃৰ অন্তৰ্বাস পৰ্য্যন্ত খুলিবলৈ বাধ্য কৰায় বুলি ডলি কিকনে টুইটত লগতে উল্লেখ কৰে।

ইয়াৰ উপৰি গুৱাহাটী বিমানবন্দৰত নিয়োজিত CISF ৰ নিৰাপত্তাৰক্ষীয়ে তেওঁৰ মাতৃৰ সৈতে যোৱা তেওঁৰ ভতিজা-ছোৱালীকো নিৰ্য্যাতন চলাই বুলি উল্লেখ কৰি কিকনে লগতে কয়, ‘তাই লিখা অভিযোগ পত্ৰখন তেওঁলোকে কাঢ়ি নিয়ে। ‘অনুমতি’ নাই বুলি কৈ তেওঁলোকে তাইক এটা স্ক্ৰিনশ্বট ল’বলৈও নিদিলে।’

ইষ্টম’জ’ৰ আগত Mhalo Kikon -এ গুৱাহাটী বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে তেওঁৰ সৈতে কৰা উক্ত আচৰণে তেওঁক অত্যন্ত ব্যথিত কৰা বুলি জানিবলৈ দিয়ে। যোৱা ১৫ বছৰতকৈ অধিক কাল ধৰি তেওঁৰ hip implant (উৰুৰ সংৰোপন) থকা বুলি উল্লেখ কৰি কিকনে কয় যে ইয়াৰ পূৰ্বে তেওঁ কোনো দিন এইদৰে অপমানিত হোৱা নাছিল।

ইষ্টম’জ’ৰ ফালৰ পৰা যোগাযোগ কৰাত এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে বিমানবন্দৰ কৰ্তৃপক্ষই Mhalo Kikon আৰু তেওঁৰ নাতিনীক লগ ধৰি ক্ষমা খোজাৰ লগতে গোটেই ঘটনাটোৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে।

গুৱাহাটী বিমানবন্দৰৰ ফালৰ পৰাও উক্ত ঘটনাটোৰ বাবে ডলি কিকনৰ ওচৰত ক্ষমা বিচাৰে।

লগতে পঢ়ক – গুৱাহাটী বিশ্ববিদ্যালয়ত চাকৰি ওলাইছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply