গুৱাহাটীৰ পৰা ছৰফৰাজ খানঃ বুধবাৰে মহানগৰীৰ দীঘলীপুখুৰীপাৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে।

অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত তৃতীয়মান শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদ চলি থকাৰ মাজতে প্ৰতিবাদকাৰীক বাধা দিয়ে আৰক্ষীয়ে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ পৰিস্থিতি সৃষ্টি হয়। আৰক্ষীয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইক আটক কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply