গুৱাহাটীঃ পৌৰ নিগমৰ নিৰ্বাচন সাতবিহুৰ মাজতে অনুস্থিত কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰদেশ কংগ্ৰেছ সমিতিয়ে এক প্ৰতিবাদী সমদলৰে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কাৰ্যালয়লৈ পদপথেৰে যাত্ৰা কৰে। নিবাৰ্চন আয়োগৰ এই হতকাৰী সিদ্ধান্তক তীব্ৰ গৰিহনা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে।
ৰাজ্যিক নিৰ্বাচন আয়োগক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাবলৈ অনুৰোধ জনোৱাৰ লগতে স্মাৰক পত্ৰ প্ৰদান কৰে।
প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাস, মহিলা প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভানেত্ৰী মীৰা বৰঠাকুৰ, প্ৰদেশ কংগ্ৰেছৰ মুখপত্ৰ অপূৰ্ব ভট্ৰাচাৰ্য উপস্থিত থাকে।