গুৱাহাটীঃ মহানগৰীত পুনৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী। জালুকবাৰী আৰক্ষীয়ে আটক কৰে চাৰি ড্ৰাগছ সৰবৰাহকাৰীক। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে ফৰমান আলী, হুছেইন আলী, জাকিৰ আলী আৰু দীপক দাস।

ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে ৭২টা হেৰ’ইন ভৰ্তি কন্টেইনাৰ, চাৰিটা ম’বাইল আৰু নগদ ৩০০০হাজাৰ টকা জব্দ কৰে। জালুকবাৰী আৰক্ষীৰ এটা বিশেষ শাখাই এই অভিযানটো চলাইছিল।