গুৱাহাটীঃ গুৱাহাটীৰ গড়চুকত আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী।

নিশা প্ৰায় ২বজাত আৰক্ষীয়ে সাউকুছিৰ পৰা খেদি খেদি ফটাশিলত কৰায়ত্ত কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰীক।

বিহাৰৰ পৰা অহা দুই ভাতৃয়ে ফটাশিলৰ ভাৰাৰুমত বাহৰ পাতি চলাইছিল ড্ৰাগছৰ বেহা।

ধৃত লোকদুজনৰ নাম প্ৰকাশ বৰ্মা আৰু দিলীপ বৰ্মা।

ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ২পেকেট ড্ৰাগছ আৰু ৩ টা কন্টেইনাৰ নগদ ধন ম’বাইল ফোন জব্দ কৰে।

দুই ভাতৃয়ে ডিমাপুৰৰ পৰা সৰবৰাহ কৰে ড্ৰাগছ।

ড্ৰাগছৰ ব্যৱসায়ত জাকিৰ নামৰ আন এজন ব্যক্তিয়ো জড়িত থকাৰ বিষয়ে আৰক্ষীৰ জেৰাত দুই ভাতৃয়ে উল্লেথ কৰিছে। জাকিৰক বিচাৰি এতিয়া আৰক্ষীয়ে তদন্ত চলাই আছে।

লগতে পঢ়কঃনগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ পৰা আচামীৰ পলায়ন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply