গুৱাহাটীঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।
মহানগৰীৰ লালমাটিত অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰে ৪ গ্ৰাম ড্ৰাগছ।
লগতে গ্ৰেপ্তাৰ কৰে ধনমনি মহন্ত নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক।
লগতে পঢ়কঃসাৱধান! ৰাজ্যত এতিয়া কভিডৰ তৃতীয় ঢৌৰ সংহাৰী ৰূপ
ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ লগতে জব্দ কৰে ৭হেজাৰ ৫ শ টকা।
ড্ৰাগছ সৰবৰাহকাৰী জনে লালমাটিত গ্ৰাহকক ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোঁতে আৰক্ষীৰ হাতত ধৰা পৰে বুলি জানিব পৰা গৈছে।