গুৱাহাটীঃ মহানগৰীত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়।
গড়চুক আৰক্ষীয়ে কটাহবাৰীত অভিযান চলাই নিষিদ্ধ হেৰোইন সহ গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ ব্যৱসায়ীক।
ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ নাম ববিদুল আলী। ববিদুলৰ পৰা আৰক্ষীয়ে ৩৮ টা কন্টেইনাৰ ৪০ গ্ৰাম হেৰোইন, ৪টা ম’বাইল ফোন সহ AS01DZ8655 নম্বৰৰ এখন দুচকীয়া বাহন জব্দ কৰে।
লগতে পঢ়কঃমাজুলীত গঁড়ৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত এজন লোক
ববিদুলে হাজোৰ পৰা সৰবৰাহ কৰিছিল ড্ৰাগছখিনি।
পূৰ্বেও আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল ববিদুলে।