গুৱাহাটীঃ মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত হোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ।
উল্লেখ্য যে, এগৰাকী দশম শ্ৰেণীৰ কিশোৰীক ৫ জনীয়া যুৱকৰ দলে দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে সমগ্ৰ ঘটনাক ভিডিঅ’ আকাৰে ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছিল। এই ঘটনাৰ প্ৰথমে পোহৰলৈ অহা নাছিল পৰিয়ালৰ লোকে ৮ মাৰ্চত পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
ধৰ্ষণকাণ্ডৰ বাকীকেইজন অভিযুক্ত ক্ৰমে মহম্মদ ফজুল আলী, পোনা আলী, পিংকু আলী আৰু মহম্মদ ৰাজা আলী বৰ্তমানেও পলাতক অৱস্থাত।