গুৱাহাটীঃ মহানগৰী গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা। বনকৰা কিশোৰীক ৩ মহলীয়া অট্টালিকাৰ পৰা গতিয়াই পেলাই দিয়ে ঘৰৰ গৰাকীয়ে। প্ৰায় ২৫ফুট উচ্চতাৰ পৰা পেলাই দিয়া হৈছিল ১৫ বছৰীয়া কিশোৰী গৰাকীক। সংকটজনক অৱস্থাত ছলনী দীঘা নামৰ নামৰ কিশোৰী গৰাকীক জিএমচিএইচত ভৰ্তি কৰোৱা হয়। হাত, বুকু, ডিঙিত আঘাত পাইছে কিশোৰীগৰাকীয়ে। ৰাজহাড়ৰ দুডাল হাড়ো ভাঙি গৈছে কিশোৰীগৰাকীৰ। সোমবাৰে মহানগৰীৰ জয়ানগৰত সংঘটিত হৈছিল এই ঘটনা।

কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৩০৭ ভাৰতীয় আইনৰ দণ্ডবিধি মতে বশিষ্ট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বনশ্ৰী সৰকাৰ নামৰ মহিলা গৰাকীক। পাণবজাৰ আৰক্ষীয়ে বনশ্ৰী সৰকাৰক সোধপোচ অব্যাহত ৰাখিছে। জানিব পৰা মতে, কিশোৰী গৰাকীয়ে নিশা নিজ ঘৰলৈ যাবলৈ বিচৰাৰ বাবে অত্যাচাৰ চলাইছিল ঘৰৰ গৰাকীয়ে।

লগতে পঢ়কঃশিৰশ্ছেদ অৱস্থাত গোহালিত উদ্ধাৰ মৃতদেহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply