গুৱাহাটী মহানগৰীৰ কৃত্রিম বান নিয়ন্ত্রণৰ বাবে পৌৰ নিগমে দিনে–নিশাই চলাইছে নলা–নর্দমা নিষ্কাশনৰ কাম৷ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহলৰ নির্দেশমর্মে পৌৰ নিগমে মহানগৰীৰ সকলো নলা–নর্দমা নিষ্কাশনৰ লগতে বাৰিষাৰ সময়ছোৱাত যাতে কৃত্রিম বানৰ ফলত কোনো অঘটন ঘটিব নোৱাৰে, তাৰ বাবে সতর্কতাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ বিশেষকৈ মহানগৰীৰ অলিয়ে–গলিয়ে থকা বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি কৰাৰ বাবে পৌৰ নিগমে বিভাগীয় কর্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে৷
বাৰিষাৰ সময়ছোৱাত কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা অনিল নগৰ, নবীন নগৰকে ধৰি হাতীগাঁও, লখৰা বশিষ্ঠ আদি অঞ্চলত ক্ষিপ্রতাৰে চলিছে নলা নিষ্কাশন৷ তদুপৰি মহানগৰীৰ বাহিনী নৈৰ দুয়োকাষে থকা ঘাঁহ–বন আৰু আৱর্জনা নিষ্কাশনৰ ক্ষেত্রতো গুৱাহাটী পৌৰ নিগমে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি থকা পৰিলক্ষিত হৈছে৷
জি এম চিয়ে নলা–নর্দমা নিষ্কাশনৰ লগতে বিশেষকৈ প্লাষ্টিক আৰু অন্যান্য আৱর্জনা যাতে কোনো লোকে নলাত দলিয়াই পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে আহ্বান জনাই স্থানীয় লোকক কৃত্রিম বান সমস্যা দূৰ কৰাৰ ক্ষেত্রত সহযোগ কৰিবলৈ আহ্বান জনাইছে৷
লগতে পঢ়ক কামপুৰৰ বৰপানী নদীত অচিনাক্ত মৃতদেহ উটি যোৱাক লৈ চাঞ্চল্য
মহানগৰীৰ কৃত্রিম বান নিয়ন্ত্রণৰ প্রতি লক্ষ্য ৰাখি পৌৰ আয়ুক্ত দেবাশিষ শর্মাই আৰ জি বৰুৱা ৰোডৰ পুৰণা নলা–নর্দমা পুনৰ নির্মাণৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ বিশেষকৈ আমবাৰীৰ পৰা আৰ জি বৰুৱা ৰোডৰ কাষেৰে থকা পুতি পেলোৱা নলা পুনৰ উদ্ধাৰ কৰাৰ বাবে পৌৰ নিগম অধিক তৎপৰ হৈ পৰিছে৷ নলা পুতি নির্মাণ কৰা পথ খান্দি পুনৰ সেই নলাৰে পানী বোৱাই নিয়াৰ বাবে পৌৰ নিগমে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷
আনহাতে, সাধাৰণ বৰষুণত পানী জমা হৈ থকা স্থানসমূহ চিনাক্ত কৰি পৌৰ নিগমে বাৰিষাৰ সময়ছোৱাত ২৪ ঘণ্টাই পাম্পেৰে পানী সিঁচাৰ ব্যৱস্থা গ্রহণ কৰিছে৷ মহানগৰীৰ কোনো অঞ্চলতে যাতে পানী জমা হৈ যাতায়াতৰ সমস্যা কৰিব নোৱাৰে তাৰ বাবে জি এম চি কর্তৃপক্ষই পাম্প সাজু কৰি ৰাখিছে৷ তদুপৰি পাম্পেৰে সিঁচা পানী যাতে নলাৰে বোৱাই নিয়াৰ ক্ষেত্রত কোনো অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে নলা–নর্দমা পুনৰ নির্মাণৰ লগতে জাবৰ নিষ্কাশন কৰা বুলি পৌৰ আয়ুক্ত শর্মাই জানিবলৈ দিছে৷
লগতে পঢ়ক গৰৈমাৰীত ড্ৰাগছ আসক্ত পিতৃয়ে ঘপিয়াই হত্যা কৰিলে সাত বছৰীয়া পুত্ৰক