গুৱাহাটীঃ মহানগৰীৰ বৰবাৰীত চাঞ্চল্যকৰ ঘটনা। নিৰণ টেৰণ নামৰ যুৱকজনৰ দাৰ ঘাপত আহত হয় ৩জনকৈ লোক। দাৰ ঘাপত দুজনৰ হাত চিঙি যায়। আহত লোককেইজন অৰূপ টেৰণ, অনিতা টেৰণ, সমীৰণ টেৰণ। অৰূপ টেৰণ আৰু অনিতা টেৰণ স্বামী-স্ত্ৰী। জানিব পৰা মতে, সমীৰণ টেৰণ নিৰণৰ সম্পৰ্কীয় ভাতৃ।
লগতে পঢ়কঃচানমাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ
আহত কেইজনক GMCHত ভৰ্তি কৰোৱা হৈছে। চাইবাবা মন্দিৰৰ ওচৰৰ পৰা ৰাইজে নিৰণ টেৰণক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত নিৰণ টেৰণক। বৰ্তমান দিছপুৰ থানালৈ অনা হৈছে নিৰণ টেৰণক।