গুৱাহাটীঃ গুৱাহাটী মহানগৰীত অত্যাধুনিক যানবাহনৰ গৰাকীয়ে ৩০ কোটিতকৈ অধিক বকেয়া কৰ আদায় দিবলৈ থকাৰ বিপৰীতে ব্যৱসায়ীক যানবাহনে ১০০কোটিতকৈ অধিক কৰ আদায় নিদিয়াকৈ ব্যৱসায় চলাই থকাটো শেহতীয়াকৈ পৰিবহণ বিভাগৰ চকুত ধৰা পৰিছে।
এতিয়াও কৰ আদায় নিদিয়াকৈ ৰাজপথত চলি থকা যানবাহনৰ বিৰুদ্ধে সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত এটা দলে মহানগৰীত “অপাৰেচন ছাৰখাৰ” শীৰ্ষক এক বিশেষ অভিযান আৰম্ভ কৰিছে ৷
অভিযানৰ সময়ত পৰিবহণ বিষয়া দাসে কয় যে, পথ পৰিবহণ মন্ত্ৰালয়ে যান বাহনৰ গৰাকীসকলক বকেয়াসহ যাৱতীয় কৰ আদায় দিবলৈ সাতবাৰকৈ সময়সীমা দিয়াৰ পিছত যোৱা ৩১ অক্টোবৰতে অন্তিম সময়সীমা উকলি যোৱাৰ পিছতো এতিয়াও বহুতেই কৰ আদায় নিদিয়াকৈ গাড়ী চলাই আছে ৷
লগতে পঢ়কঃচোৰাং কাঠৰ ব্যৱসায়ীয়ে কাঢ়ি নিলে খেৰণি বন বিভাগৰ অধীনত কৰ্মৰত হোম গাৰ্ডৰ বন্দুক
ক’ভিডসৃষ্ট পৰিস্থিতিত কৰ আদায়ৰ বাবে চৰকাৰে বিভিন্ন ধৰণে সকলো সা-সুবিধা দিয়াৰ পিছতো একাংশই এতিয়াও বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে অবৈধভাৱে ৰাজপথত চলি থকা ব্যক্তিগত, ৰাজহুৱা তথা ব্যৱসায়ীক সকলো যানবাহনৰ পৰা আগন্তুক মাৰ্চ মাহৰ ভিতৰত ১০০ কোটিৰ অনাদায় ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে অভিযানত নামি পৰিছে ৷
এইবাৰ কৰ পৰিশোধ নকৰিলে বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে গোচৰ তৰা হ’ব৷ প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া পৰিস্থিতিৰো সন্মুখীন হ’ব পাৰে বাহনৰ স্বত্বাধিকাৰী বুলি মন্তব্য কৰিছে জিলা পৰিবহন বিষয়াই ৷