নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে কাৰণ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ।

মঙলবাৰে পাণবজাৰৰ পুৰণি উপায়ুক্ত কাৰ্যালয়ৰ স্থানত বৰ্তমানে চলি থকা নিৰ্মাণকাৰ্যৰ লগতে প্ৰস্তাৱিত ব্ৰহ্মপুত্ৰ নদীমুখ প্ৰকল্পৰ উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে কয়, “আমি ঐতিহাসিক চহৰ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনক গুৰুতৰ প্ৰদান কৰিছো , যি কেৱল উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ নহয়, ভাৰত আৰু  দক্ষিণ-পূব এছিয়াৰ মাজৰ এক গুৰুত্বপূৰ্ণ সংযোগস্থল”।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়া আৰু নিৰ্মাণ প্ৰতিষ্ঠানটোক গুণগত মানদণ্ডৰ সৈতে কোনোধৰণৰ আপোচ নকৰাকৈ প্ৰকল্পটো সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। আনুমানিক ৩৭০ কোটি টকা ব্যয়েৰে গুৱাহাটী স্মাৰ্ট চিটি ডেভেলপমেণ্ট লিমিটেডে এই প্ৰকল্পটো ৰূপায়ণ কৰিছে।

পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত আছিল নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘল আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল ।

এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত, নদীৰ পাৰত মানুহে খোজ কাঢ়িবলৈ এটা esplanade থাকিব। ইয়াত বহাৰ ব্যৱস্থা, নিশাৰ আলোকসজ্জা, চাইকেল চলোৱা আৰু নাও চলোৱাৰ সুবিধাও থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply