গুৱাহাটীঃ হেপাহৰ বিহুটিৰ বাবে সাজু হৈছে সমগ্ৰ অসমবাসী। ব্যতিক্ৰম নহয় কংক্ৰিটৰ মহানগৰীয়ো। মহানগৰীৰ জ্যোতিকুছিস্থিত উদ্দীপ্ত সংঘৰ বাকৰিত ৮ দিনীয়াকৈ অনুস্থিত হৈছে বিহুৰ আখৰা।
লগতে পঢ়কঃচিলনীজানত জব্দ হ’ল বৃহৎ পৰিমানৰ চোৰাং কাঠ
জাংফাই কালভূমিৰ উদ্যোগত অনুস্থিত হোৱা আখৰাত প্ৰশিক্ষণ প্ৰদান কৰিছে বিহু সম্ৰাজ্ঞী কনিকা ইংতি আৰু বিহুৱা অযুত বৰাই।মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা বিহুৰ আখৰাত অংশগ্ৰহণ কৰিবলৈ অৰ্ধশতাধিক শিশু-কিশোৰী ওলাই আহিছে ।