গুৱাহাটীঃ পুনৰ বজাৰলৈ আহিছে এসময়ৰ জনপ্ৰিয় বাইক য়েজডি ।

অসমৰ যুৱ প্ৰজন্মৰ হাতত বাইকখন তুলি দি অসমত বজাৰ দখল কৰাৰ উদ্দেশ্যেৰে গুৱাহাটীত মুকলি কৰা হৈছে য়েজডি আৰু জাভা বাইকৰ এখন বিপনী।

চিৰিয়াখানা পথৰ সুন্দৰপুৰত মুকলি কৰা হৈছে য়েজডি আৰু জাভা বাইকৰ বিপনী।

লগতে পঢ়কঃঅনগ্ৰসৰ পাহাৰীয়া জিলাৰ শিক্ষা ব্যবস্থাক চৰকাৰে গুৰুত্ব নিদিয়াৰ বিৰুদ্ধে প্ৰতিবাদ

এসময়ৰ জনপ্রিয় য়েজডি বাইকখনৰ বিপনীখন মুকলি কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।

অসমৰ নৱ প্ৰজন্মই পুনৰ এই বাইকখনক আঁকোৱালি ল’ব বুলি মন্তব্য কৰে শিল্পীগৰাকীয়ে।

উল্লেখ্য যে, ২৬ বছৰ বিৰতিৰ পিছত ভাৰতত পুনৰ মুকলি কৰি দিয়া হৈছে য়েজডি বাইক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,130 other subscribers

Leave a comment

Leave a Reply Cancel reply