গুৱাহাটীঃ পুনৰ আলফা(স্বা)ত যোগদান গুৱাহাটীৰ যুৱকৰ। গীতা মন্দিৰৰ ভগদত্ত পথৰ বাসিন্দা মানৱ ডেকা নামৰ এজন ২৪ বছৰীয়া যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে।
বৃহস্পতিবাৰে পুৱাই মানৱলৈ এটা ফোনকল অহাৰ পিছতেই ঘৰৰ পৰা ওলাই গৈছিল মানৱ। ইয়াৰ পিছতেই মানৱে ভাতৃলৈ এটা মেছেজ পঠিয়াইছিল ‘একো চিন্তা কৰিব নালাগে, মাজে মাজে মই যোগাযোগ কৰি থাকিম’। এই মেছেজটো পোৱাৰ পিছতেই মানৱ আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। মানৱ য’তে আছে অতি সোনকালেই ঘৰলৈ ঘূৰি অহাৰ আহ্বান জনাইছে পৰিয়ালৰলোকে।
লগতে পঢ়কঃপত্নী,২বছৰীয়া সন্তানক এৰি আলফা(স্বা)ত যোগদান উদীয়মান সংগীতশিল্পীৰ