গুৱাহাটীঃ অসম চৰকাৰৰ চাকৰিৰ নামত দালালি। জলসম্পদ বিভাগৰ চাকৰিৰ নামত দালালি কৰা ৭টা দালাল পৰিল দিছপুৰ আৰক্ষীৰ জালত। ৭ দালালে জলসম্পদ বিভাগৰ চাকৰিৰ তালিকা প্ৰস্তুত কৰিছিল। জলসম্পদ বিভাগৰ চাকৰিৰ তালিকা প্ৰস্তুত কৰি থকাৰ সময়তে দিছপুৰ আৰক্ষীৰ জালত পৰিল দালালকেইটা। দেওবাৰে নিশা দিছপুৰ আৰক্ষীয়ে গুৱাহাটীৰ হেঙেৰাবাৰীৰ পৰা দালালকেইটাক গ্ৰেপ্তাৰ কৰে। দালালকেইটাই বৰবাৰীৰ জিডি ল’জত বাহৰ পাতি আছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দালালকেইটা কাহিলীপাৰাৰ নয়ন শইকীয়া, মঙলদৈৰ চিৰাজুল হক,নলবাৰীৰ গোবিন্দ চৌধুৰী, নুৰ ইছলাম আহমেদ, প্ৰাঞ্জল বৰ্মণ, বশিষ্ঠৰ জয়ন্ত ডেকা আৰু গোৱালপাৰাৰ জয়ন্ত দাস বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,469 other subscribers

Leave a comment

Leave a Reply Cancel reply