গুৱাহাটীঃ বহিঃৰাজ্যৰ পৰা ৰেলযোগে চোৰাঙকৈ সৰবৰাহ কৰা ৩২টা ম’হ আজি মহানগৰীত জব্দ কৰিলে ৰে’ল আৰক্ষীয়ে। বামুণীমৈদামৰ নিউ গুৱাহাটী ৰেলৱে ষ্টেচনত ৰে’লৰ পৰা ম’হ কেইটা নমাই এএছ০১এনচি ৪৮২৬ নম্বৰৰ ট্ৰাকেৰে সৰবৰাহৰ সময়তে ৰে’ল আৰক্ষীয়ে ম’হকেইটা জব্দ কৰিবলৈ সক্ষম হয়।
জব্দ কৰা ম’হ কেইটাৰ ভিতৰত আছে ১৬ টা পোৱালী আৰু ১৬ টা প্ৰাপ্তবয়স্ক ম’হ।
ৰেলযোগে সৰবৰাহ কৰা ম’হকেইটাৰ যাৱতীয় নথিপত্ৰ বিচাৰি ইতিমধ্যে ৰে’ল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
জানিব পৰা মতে, একে মণ্ডল এন্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানৰ নামত দিল্লীৰ এখন ফাৰ্মৰ পৰা অনা হৈছিল এই ম’হকেইটা।