গুৱাহাটীঃ ভোগালী বিহুৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্রীসভাৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠকত কৃষকৰ পৰা ১০ লাখ মেট্রিক টন ধান ক্রয় কৰাৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে।
ইয়াৰে এফ চি আইয়ে ৬ লাখ মেট্রিক টন ধান ক্রয় কৰিব। এই ধান ক্রয় সন্দৰ্ভত কৃষিমন্ত্রী অতুল বৰাই কয় ”ৰাজ্যত ৮০ লাখ টন ধান উৎপাদন হয়। কৃষকক সজাগতাৰ বাবে ১৬ জানুৱাৰীত গাঁওসভা হ’ব। ধান বিক্রীৰ বাবে কৃষকে চাৰ্টিফিকেট ল’ব লাগিব। ৰাজহ বিভাগৰ পৰা কৃষকে ল’ব লাগিব চাৰ্টিফিকেট। মাল্টি অনাৰ্ছ, NC ভিলেজ চাৰ্টিফিকেট ল’ব লাগিব। লীজত লোৱাৰো চাৰ্টিফিকেট ল’ব ল’ব লাগিব। যি সকল কৃষকে নিজৰ/পিতৃ-মাতৃৰ নামত থকা মাটিত কৃষি কাৰ্য কৰি আছে, তেওঁলোকে পঞ্জীয়নৰ বাবে সক্ৰিয় মোবাইল ফোনৰ নম্বৰ, আধাৰ কাৰ্ড, নিজা মাটিৰ প্ৰয়োজনীয় নথি (যেনে – শেহতীয়া জমাবন্দি) কৃষি উন্নয়ন বিষয়াক জমা দিব লাগিব ৷
গাঁও সভাত ২০০তকৈ যাতে বেছি মানুহ নহয় তাৰ বাবে উপায়ুক্তই দৃষ্টি ৰাখিব লাগিব। এগৰাকী খেতিয়কে ৫০ মেট্রিক টনতকৈ বেছি ধান বিক্রী কৰিব নোৱাৰিব। অসমত বহু বেছি মধ্যভোগী আছে। মধ্যভোগী নাইকীয়া কৰিবলৈ ব্যৱস্থা লোৱা হ’ব। ইয়াৰ বাবে একাউণ্টছৰ জৰিয়তে খেতিয়কক ধন প্রদান কৰিব।”
কোনো কৃষকৰ নিজৰ নামত মাটি নাথাকিলে, তেওঁলোকে যি মাটিত কৃষিকাৰ্য কৰি আছে সেই মাটিৰ লাট নম্বৰ, দাগ নম্বৰ আৰু পট্টা নম্বৰ লৈ তাৰ প্ৰমাণ পত্ৰ স্থানীয় গাঁও প্ৰধান নাইবা জিলা উপায়ুক্ত/স্বায়ত্ব শাসিত জিলাৰ প্ৰধান সচিবৰ দ্বাৰা মনোনীত ব্যক্তিৰ পৰা সংগ্ৰহ কৰি কৃষি উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে ৷
লগতে পঢ়কঃমহানগৰীৰ লাখটকীয়াৰ এটা জোতাৰ গুদামত বিধ্বংসী অগ্নিকাণ্ড
বজালী জিলা পৰিষদ গঠনৰ বাবে কেবিনেটৰ অনুমোদন জনোৱা হৈছে। ভোগালীৰ ক্ষেত্রত সান্ধ্য আইনৰ শিথিলতা কৰা হ’ব বুলিও কেবিনেটত উল্লেখ কৰে। নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১১ বজাৰ পৰা হ’ব সান্ধ্য আইন।
আগন্তুক পৌৰ নিৰ্বাচন বেলটৰ পৰিৱৰ্তে EVM ত হ’ব নিৰ্বাচন। ৭৪৩ গৰাকী কলেজ শিক্ষক নিযুক্তিত অনুমোদন জনাই কেবিনেট বৈঠকত। ২৩৩টা তৃতীয় বৰ্গৰ পদ ঘোষণা। ৫২৪ গৰাকী চতুৰ্থ বৰ্গৰ পদত নিযুক্তিত অনুমোদন। মে’ মাহৰ আগত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
অসম গৌৰৱ, অসম বৈভৱ আৰু অসম সৌৰভ বঁটা ২৪ জানুৱাৰীত কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব। মুখ্যমন্ত্রী আৰু ৰাজ্যপালৰ উপস্থিতিত প্রদান কৰা হ’ব বঁটা। ১ ফেব্রুৱাৰীৰ পৰা সদভাৱনা মিছন আৰম্ভ হ’ব। ১০ মে’ৰ পূৰ্বে সম্পূৰ্ণ কৰা হ’ব সদভাৱনা মিছন। এই সময়ত পুৰণি ফাইলৰ কাম শেষ কৰা হ’ব।