গুৱাহাটীঃ অতি শীঘ্ৰেই গুৱাহাটী মহানগৰখন আৰু সম্প্ৰসাৰিত কৰা হ’ব। এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মহানগৰখন পূব দিশে পলাশবাৰীলৈ, উত্তৰ দিশে চাংসাৰি-বাইহাটালৈ আৰু পশ্চিম দিশে জাগীৰোডলৈকে সম্প্ৰসাৰিত কৰা হ’ব। মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে জাগীৰোড আৰু পলাশবাৰীক গুৱাহাটীৰ পৰা ৮ লেনযুক্ত ঘাইপথৰ সৈতে সংযোগ কৰা হ’ব।
জাগীৰোডৰ কাগজকলৰ ভূমিত অসম বিধানসভাকে ধৰি প্ৰশাসনিক কাৰ্যালয় নিৰ্মাণৰো ইংগিত দিছে ৰাজ্য চৰকাৰে। দিল্লীক নয়দা-গুৰগাঁৱলৈ সম্প্ৰসাৰণৰ দৰে গুৱাহাটীকো তিনিও দিশে সম্প্ৰসাৰণ কৰা হ’ব। ক’ৰবাত যদি বিধানসভা বিল্ডিং নিৰ্মাণ হ’ব আন ক’ৰবাত জনতা ভৱন নিৰ্মাণ কৰা হ’ব।
এই সিদ্ধান্তক আদৰণী জনাই পীয়ুষ হাজৰিকাই কয়, ”জাগীৰোডৰ লৈকে গুৱাহাটীলৈ সম্প্ৰসাৰণ কৰাটো ভাল সিদ্ধান্ত। জাগীৰোডখনৰ উন্নতি হ’ব। যদি বিধানসভাৰ স্থানান্তৰ কৰা হয় তেতিয়া জাগীৰোডৰ গুৰুত্ব বাঢ়িব। যদি ভৱিষ্যতলৈ অন্যান্য কাৰ্যালয়সমূহো স্থানান্তৰ হয় তেতিয়া তাতে চাকৰিৰ বাবে জাগীৰোডৰ যুৱক-যুৱতীসকলে দাবী কৰিব পাৰিব। এই ক্ষেত্ৰত কাৰোবাৰ যদি আপত্তি আছে আলোচনাৰ মাজেৰে সমাধান কৰা হ’ব।”
ইতিমধ্যে ছিংগাপুৰৰ প্ৰতিষ্ঠানৰ সৈতে মাষ্টাৰ প্লেন চুক্তিতো স্বাক্ষৰ কৰিছে ৰাজ্য চৰকাৰে। গুৱাহাটী হ’ব অসমৰ সৰ্ববৃহৎ চহৰ আৰু উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মহানগৰ।